অসমীয়া যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ এটা মন্তব্যই শেহতীয়াকৈ সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। দুটা ভাগত বিভক্ত হোৱা সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গৰ পক্ষত থিয় দিয়াৰ বিপৰীতে আন একাংশই তীব্ৰ সমালোচনাৰে থকা সৰকা কৰিছে কণ্ঠশিল্পীগৰাকীক।
দৰাচলতে জুবিন গাৰ্গে আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি অভিহিত কৰাৰ পিছতে সূত্ৰপাত ঘটে এই বিতৰ্কৰ।
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত জুবিন গাৰ্গে ৰাজনৈতিক দলটোক লৈ এইদৰে মন্তব্য কৰে।
ইয়াৰ পিছতে সংবাদ মাধ্যমৰ মুখামুখি হৈ জুবিন গাৰ্গে কয় যে তেওঁৰ সৈতে একেলগে কা আন্দোলন কৰাৰ পিছত অসম জাতীয় পৰিষদ গঠন কৰা হৈছিল। তেওঁ কয়, “মই তেওঁলোকক (এজেপি) আক্ৰমণ কৰা নাই আৰু মইও আক্ৰমণ নকৰো… কিন্তু যদি তেওঁলোকে আজে বাজে কাম কৰে তেন্তে তেওঁলোকক ফটুৱা বুলি কোৱা হ’বই।”
জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজাপৰ নেতা দুলু আহমেদে কয় যে অসমৰ প্ৰাসংগিক চৰ্চাসমূহৰ পৰা দৃষ্টি আঁতৰাবলৈকে জুবিন গাৰ্গক বিজেপিয়ে এনেদৰে মন্তব্য কৰিবলৈ ধন দিছিল। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও জুবিন গাৰ্গক এই মন্তব্যৰ বাবে সমালোচনা কৰে।
