অসম জাতীয় পৰিষদ ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে।
সমাজিক মাধ্যমত দলত্যাগৰ কথা ঘোষণা কৰে বসুমতাৰীয়ে।
অসম জাতীয় পৰিষদৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছিল চিত্তৰঞ্জন।
অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অতি ঘনিষ্ঠ হিচাপেও জনা গৈছিল তেওঁক।
মাজুলীৰ উপ-নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাস্ত হৈছিল।
কিন্তু কি কাৰণে চিত্তৰঞ্জন বসুমতাৰীয়ে অজাপ ত্যাগ কৰিলে, সেই কথা এতিয়া স্পষ্ট নহয়।
