হাৰিয়ানাৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান অজয় সিংঘলে পঞ্চকুলাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত আৰক্ষী বাহিনীৰ সৰ্বোচ্চ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ নিজৰ ৮৫ বছৰীয়া বৃদ্ধ পিতৃক ডিজিপিৰ আসনত বসাই সম্বোধন কৰা সময়ত উপস্থিত সয়ে এক আবেগিক দৃশ্যৰ সাক্ষী হৈছে। সিংঘলৰ এই কাৰ্যই সমাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে যে সফলতাৰ পর্যায়ত উপনীত হ’লেও পিতৃ-মাতৃৰ অবদানে মন ৰাখিব বিচাৰিছে। তেওঁৰ এই পদক্ষেপৰ প্ৰশংসা বিভিন্ন মহলে হৈছে, বিশেষকৈ সমাজত জ্যেষ্ঠ নাগৰিকৰ প্ৰতি বৃদ্ধি পোৱা অৱহেলাৰ সময়ত। নতুন ডিজিপি সিংঘলে ৰাজ্যৰ আইন-শৃংখলা অধিক কঠোৰ কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ সংকল্প গ্ৰহণ কৰিছে।
