এআইইউডিএফৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে।
দলৰ মুৰব্বী বদৰুদ্দিন আজমললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এআইইউডি এফৰ বিধায়ক পদ আৰু সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে তালুকদাৰে।
ভৱানীপুৰ সমষ্টিৰ বৃহত্তৰ স্বাৰ্থতেই এই সিদ্ধান্ত লোৱা বুলি তেওঁ পদত্যাগপত্ৰত উল্লেখ কৰিছে। ইফালে ফণীধৰ তালুকদাৰে অতি শীঘ্ৰে বিজেপিত যোগ দিব বুলি চৰ্চা চলিছে।