বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী তৎপৰতা। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে সৰ্বভাৰতীয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এআইইউডিএফে তেওঁলোকৰ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা ঘোষণা কৰে।
দলৰ সভাপতি বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফে এইবাৰ নিজৰ ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বুধবাৰে ঘোষিত তালিকাত স্বয়ং দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দলীয় কৌশলৰ ফালৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা বিন্নাকান্দি (৬২ নং সমষ্টি)ৰ পৰা আজমলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে। তেওঁৰ লগতে দলটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক বৈচিত্ৰ্যময় প্ৰাৰ্থীৰ তালিকা দাঙি ধৰিছে।
গোৱালপাৰা পূবৰ পৰা হাফিজ বছিৰ আহমেদ আৰু ধুবুৰীৰ পৰা নজৰুল হকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। সেইদৰে দলগাঁৱৰ পৰা মজিবুৰ ৰহমান, চেঙাৰ পৰা আশ্ৰাফুল হুছেইন, চামগুৰিৰ পৰা আব্দুল আজিজ আৰু দক্ষিণ কৰিমগঞ্জৰ পৰা চিহাব উদ্দিনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
অন্যহাতে চাবামাৰীৰ পৰা ইমদাদ হুছেইন আৰু গোলকগঞ্জৰ পৰা জামছেৰ তালুকদাৰক মনোনয়ন দিছে দলটোৱে। ইয়াৰ উপৰি বিজনীৰ পৰা মুচুখ বসুমতাৰী, ৰহা সমষ্টিৰ পৰা মুকুট দাস আৰু ৰামকৃষ্ণ নগৰৰ পৰা ড° অনুপ কুমাৰ দাস তালুকদাৰক এআইইউডিএফে নিৰ্বাচনী যুঁজত নমাইছে। উল্লেখযোগ্য যে নিৰ্বাচনী ৰণনীতি চূড়ান্ত কৰাৰ লগে লগে দলটোৱে অনাগত দিনত আন কেইবাজনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।
