AIUDFৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ আম আদমী পাৰ্টীত যোগদান

93

অসমত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰিছে আম আদমী পাৰ্টী। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ পূৰ্বে ১০ লাখ সদস্যভৰ্তিৰ লক্ষ্য লৈছে ৰাজ্যিক গোটে।

ইফালে অসমৰ শাসক-বিৰোধী দলৰ ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাৰ আম আদমী পাৰ্টীত যোগদানৰ বাতৰিৰ মাজতে এইবাৰ আপত যোগ দিলে এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে।

নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে সোমবাৰে গুৱাহাটীস্থিত ৰাজ্যিক আপৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে আম আদমী পাৰ্টীত।

ইফালে মামুন ইমদাদুল হক চৌধুৰীৰ উপৰিও সোমবাৰে আপত যোগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ ব্ৰজেন সন্দিকৈ আৰু জনীয়াৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফৰ পুত্ৰ ৰেজাউল হাছানেও।