ভাৰতী এয়াৰটেল লিমিটেডে ইয়াৰ ম’বাইল আৰু হোম ব্ৰডবেণ্ড আঁচনিৰ সৈতে ইয়াৰ গ্ৰাহকসকলৰ ডিজিটেল মনোৰঞ্জনৰ অভিজ্ঞতা অধিক ৰোমাঞ্চকৰ কৰি তুলিছে যিডিজনী+ হটষ্টাৰৰ বিনামূলীয়া ১ বছৰৰ সদস্যতাৰ সৈতে বাণ্ডল হৈ আহিছে। এয়াৰটেল গ্ৰাহকসকলে ডিজনী+ হটষ্টাৰ লাইব্ৰেৰীলৈ বিনামূলীয়া সীমাহীন প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিব পাৰে, যি ১,০০,০০০ ঘণ্টাতকৈ অধিক আকৰ্ষণীয় সমল প্ৰদান কৰে।
ডিজনী+ হটষ্টাৰ চাবস্ক্ৰিপশ্বনৰ সৈতে, ব্যৱহাৰকাৰীসকলে আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আৰু টি-২০ বিশ্বকাপ, একচেটিয়া নতুন হটষ্টাৰ স্পেচিয়েল আৰু লগতে ডিজনী+ অৰিজিনেলৰ এক শক্তিশালী শ্লেটকে ধৰি মুখ্য গোলকীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰৰ লাইভ কভাৰেজ প্ৰাপ্ত কৰে।
এয়াৰটেলে তিনিটা নতুন প্ৰিপেইড আঁচনি প্ৰৱৰ্তন কৰিছে- ৪৯৯ টকা, ৬৯৯ টকা আৰু ২৭৯৮ টকা। এই আঁচনিবোৰ সুবিধাজনক মূল্যত আহে আৰু ব্যৱহাৰকাৰীসকলক সংযোজিত হৈ থাকিবলৈ দিয়ে আৰু ভিডিঅ’ অভিজ্ঞতাৰ বাবে ভাৰতৰ আগশাৰীৰ নেটৱৰ্কত সীমাহীন প্ৰিমিয়াম সমল আৰু লাইভ টিভি উপভোগ কৰিবলৈ দিয়ে। এয়াৰটেল ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পচন্দৰ ডিজনী+হটষ্টাৰ চাবস্ক্ৰিপশ্বন পোনপটীয়াকৈ এয়াৰটেলৰ দোকানৰ পৰা ক্ৰয় কৰাৰ অতিৰিক্ত লাভালাভ আছে যাতে হয় ইয়াক তেওঁলোকৰ মাহিলী পোষ্টপেইড বিলত যোগ দিয়া হয় বা একাধিক পৰিশোধ মোডৰ জৰিয়তে আগতীয়া পৰিশোধ কৰা হয়।