প্ৰাচ্যৰ দুই চুবুৰীয়া দেশৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ ফলত এতিয়া সৃষ্টি হৈছে এক ভয়াবহ মানৱীয় সংকটৰ। মঙলবাৰে পুৱা আফগানিস্তানৰ ৰাজধানী কাবুলত অৱস্থিত এখন নিচামুক্তি কেন্দ্ৰত পাকিস্তানে চলোৱা এক বিমান আক্ৰমণত কমেও ৪০০ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। তালিবান চৰকাৰে দাবী কৰা মতে, চহৰখনৰ ২,০০০ খন বিচনাযুক্ত ওমিদ এডিকচন ট্ৰিটমেণ্ট হাস্পতালত পাকিস্তানী বায়ুসেনাই এই আক্ৰমণ চলায়, যাৰ ফলত চিকিৎসালয়খনৰ বৃহৎ অংশ ধ্বংসস্তূপত পৰিণত হয়।
উল্লেখযোগ্য যে, এই আক্ৰমণৰ পাছতে ৰেড ক্ৰেচেণ্টৰ উদ্ধাৰকাৰী দলসমূহে ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে। তালিবান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিত্ৰাতে জনোৱা মতে, এতিয়ালৈকে ৪০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২৫০ জন লোক গুৰুত্বৰভাৱে আহত হৈছে। আফগানিস্তান চৰকাৰে এই কাৰ্যক মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘৰ আফগানিস্তানৰ মুৰব্বী ৰিচাৰ্ড বেনেটেও এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
আনহাতে, পাকিস্তান চৰকাৰে এই ভয়াবহ আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰি ইয়াক তালিবানৰ মিছা প্ৰচাৰ বুলিহে আখ্যা দিছে। পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে দাবী কৰিছে যে তেওঁলোকৰ সশস্ত্ৰ বাহিনীয়ে কেৱল তালিবান চৰকাৰৰ সন্ত্ৰাসবাদ সমৰ্থিত সামৰিক ঘাটিসমূহক লক্ষ্য কৰিহে এই আক্ৰমণ চলাইছিল। দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত চলি থকা সীমান্ত বিবাদ আৰু উগ্ৰপন্থী সমস্যাই এতিয়া এক পূৰ্ণাংগ যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে।
ইফালে, পাকিস্তানৰ এনে আক্ৰমণৰ পাছত সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। তালিবান চৰকাৰে অভিযোগ কৰিছে যে পাকিস্তানে আফগানিস্তানৰ আকাশমাৰ্গ উলংঘা কৰি নিৰপৰাধী লোকৰ ওপৰত আক্ৰমণ চলাই আন্তঃৰাষ্ট্ৰীয় নীতি অৱমাননা কৰিছে। এই ঘটনাই এতিয়া দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে।
