ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ ফলত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তজেনা ৷ ফলত কাটাৰ আৰু উপসাগৰীয় অঞ্চলৰ কিছু অংশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে ৷ইণ্ডিগ’ই এক্সত ঘোষণা কৰিছে যে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উপসাগৰীয় আৰু পশ্চিম এছিয়াৰ কেইবাটাও গন্তব্য স্থানলৈ আৰু অহা-যোৱা কৰা বিমান সেৱা বন্ধ কৰা হৈছে ।‘‘মধ্যপ্ৰাচ্যৰ বিকশিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডুবাই, ডোহা, বাহৰেইন, ডাম্মাম, আবুধাবি, কুৱেইট, মদিনা, ফুজাইৰা, জেদ্দা, মাস্কাট, শ্বাৰজাহ, ৰিয়াদ, ৰাছ এআই-খাইমাহ আৰু টিবিলিচিলৈ অহা-যোৱা কৰা আমাৰ বিমান সেৱা আজি কমেও 1000hrs স্থগিত ৰখা হৈছে ।’’
