আছিয়ান দেশৰ গন্তব্যস্থানৰ বাবে এয়াৰ এছিয়াই আগবঢ়াইছে ১৫ মিলিয়ন বিনামূলীয়া আসনৰ সুযোগ

50

এয়াৰ এছিয়াই বহু প্ৰত্যাশিত বিনামূলীয়া* আসন বিক্ৰীসেৱা আৰম্ভ কৰিছে, এই বিশেষ বিক্ৰীত ১৩০টা গন্তব্যস্থানত ১৫ মিলিয়ন ছীটলৈকে আসন উপলব্ধ কৰা হৈছে। এই বিমান সংস্থাটোৱে ভাৰতৰ পৰা মালয়েছিয়া আৰু থাইলেণ্ডৰ দৰে আছিয়ান দেশসমূহৰ গন্তব্যস্থানলৈ সুলভ মূল্যৰ সংযোগ শক্তিশালী কৰাৰ লক্ষ্য লৈছে। ভ্ৰমণকাৰীসকলে বিশাখাপট্টনমৰ পৰা কুৱালালামপুৰ, তিৰুচিৰাপল্লী আৰু গুৱাহাটীৰ পৰা বেংকক অথবা কলকাতা হৈ ফুকেটলৈ ৬,৫৯৯ টকাৰ একমুখী(ৱান-ৱে) ভাড়াৰে উৰণ কৰিব পাৰে। অতিৰিক্ত বিকল্পসমূহৰ ভিতৰত আছে কুৱালালামপুৰ আৰু বেংককৰ পৰা এয়াৰ এছিয়াৰ ফ্লাই-থ্ৰু সেৱাৰ জৰিয়তে ছিংগাপুৰ, ক্ৰাবি আৰু কোটা কিনাবালুৰ সৈতে নিৰৱিচ্ছিন্ন বিমান সংযোগ।


এয়াৰএছিয়া এভিয়েচন গ্ৰুপৰ গ্ৰুপ চীফ কমাৰ্চিয়েল অফিচাৰ আমাণ্ডা ৱু-এ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাৰ বাবে এয়াৰলাইনৰ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমি সুলভ ভ্ৰমণ বিকল্প আৰু নতুন আকাশী পথ আগবঢ়াই ভাৰতৰ পৰা পৰ্যটন আৰু সংযোগ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছোঁ।” ২০০৮ চনত ভাৰতত আত্মপ্ৰকাশৰ পিছত এয়াৰএছিয়াৰ মালয়েছিয়া আৰু থাইলেণ্ডলৈ ৩০টা পোনপটীয়া পথলৈ সম্প্ৰসাৰিত হৈছে।


এই কেম্পেইনে উত্তৰ-পূর্বাঞ্চলৰ পৰা বহিঃৰাজ্যৰ সৈতে যাতায়ত বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, বিশেষকৈ মালয়েছিয়া আৰু থাইলেণ্ডলৈ ভাৰতীয় নাগৰিকসকলৰ ভিছাবিহীন প্রৱেশৰ প্রতি লক্ষ্য ৰাখি আছিয়ান দেশৰ গন্তব্যস্থানসমূহ অন্বেষণ কৰিব বিচৰা যাত্ৰীসকলৰ বাবে অধিক সুলভ পথৰ ব্যৱস্থা কৰা হ’ব৷ ২০২৫ৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ১৫ জুনলৈকে ভ্ৰমণৰ বাবে এই সুবিধা চলিত ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখলৈকে মুকলি থাকিব। এতিয়া airasia.com বা এয়াৰএছিয়া মুভ এপৰ জৰিয়তে বিমান বুকিং কৰিব পাৰিব। চৰ্তাৱলী আৰু নিয়মাৱলী প্ৰযোজ্য।