দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিষাক্ত ধোঁৱাৰে আবৃত দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ কৰা হৈছে।লগতে, বৈধ প্ৰদূষণৰ প্ৰমাণ পত্ৰ (পিইউচি) নথকা বাহনসমূহক ইন্ধন প্ৰদান বন্ধ কৰাৰ দৰে প্ৰদূষণ বিৰোধী পদক্ষেপ হাতত লৈছে চৰকাৰে। চৰকাৰে স্পষ্ট কৰি দিয়ে যে, দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহনৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা GRAP-IV চলি থকালৈকে বলবৎ থাকিব।
