পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে দুৰ্ঘটনাতপতিত হৈ বিমান এখন ভাঙি পৰে। মূহুৰ্ততে জুইৰ শিখাই আগুৰি ধৰে ৰাণৱেৰ চাৰওফাল। এই ঘটনাত বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই ভয়ংকৰ বিমান দুৰ্ঘটনা লণ্ডনত সংঘটিত হৈছে । ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত সংঘটিত হয় এই ঘটনা।উৰণৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ ৰাণৱেত বাগৰি পৰে।এইখন আছিল সৰু যাত্ৰীবাহী বিমান বিচক্ৰাফ্ট বি২০০ ।দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে এচেক্স আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স চাৰ্ভিচে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হতাহতৰ সংখ্যা স্থানীয় প্ৰশাসন আৰু বিমান কৰ্তৃপক্ষই নিশ্চিত কৰিছে।
