বিমানৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত দেখা দিয়া মাৰাত্মক বিসংগতিয়ে এতিয়া এয়াৰ ইণ্ডিয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ সৃষ্টি কৰিছে এক তীব্ৰ প্ৰশ্নবোধকৰ। যোৱা বছৰ ২৬০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আহমেদাবাদৰ সেই বিভীষিকাময় দুৰ্ঘটনাৰ বাবে জগৰীয়া একেই যান্ত্ৰিক বিজুতি পুনৰ লণ্ডন-বেংগালুৰু অভিমুখী বিমানত ধৰা পৰাৰ ঘটনাই এতিয়া যাত্ৰীসকলৰ মাজত সৃষ্টি কৰিছে চৰম হাহাকাৰৰ। লণ্ডনৰ পৰা উৰা মৰাৰ ঠিক আগমুহূৰ্তত এআই ১৩২ বিমানখনৰ পাইলটে ইন্ধন যোগান ব্যৱস্থাত খুঁত ধৰা পেলোৱাৰ লগে লগে বিমানখনৰ উৰণ বাতিল কৰি পৰীক্ষাৰ বাবে আৱদ্ধ কৰি ৰখা হয়।
এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই স্বীকাৰ কৰা মতে, ব’য়িং ৭৮৭-৮ বিমানখনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত পাইলটে বিসংগতি প্ৰত্যক্ষ কৰাৰ পাছতে বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত পৰীক্ষা কৰিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে, ২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন একেই বিমানৰ দুয়োটা ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হৈ যোৱাৰ ফলতেই ২৬০ জন যাত্ৰীৰ মৃত্যু হৈছিল। যোৱা জুলাই মাহত বিমান সংস্থাই সমগ্ৰ বিমান বাহিনীৰ ইন্ধন নিয়ন্ত্ৰণ ব্যৱস্থা সুৰক্ষিত বুলি দাবী কৰিছিল যদিও পুনৰ একেই ঘটনা পোহৰলৈ অহা কাৰ্যই কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাকে প্ৰমাণ কৰিছে।
সোমবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যোৱা বছৰৰ দুৰ্ঘটনাৰ তদন্ত সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও নতুনকৈ ধৰা পৰা এই বিসংগতিয়ে আকাশপথৰ নিৰাপত্তাক লৈ শংকা বৃদ্ধি কৰিছে। বিমান দুৰ্ঘটনা তদন্ত ব্যুৰ’ৰ তথ্য অনুসৰি, ইন্ধন চুইচৰ সামান্যতম ক্ৰুটিও একোটা বিশাল দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে। পাইলটে সময়মতে এই বিষয়টো উত্থাপন নকৰা হ’লে লণ্ডনতো পুনৰ এক মৰ্মান্তিক দুৰ্ঘটনা ঘটাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল।
