ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পোনপটীয়া বিমান সেৱা আৰম্ভ

18

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা বিমান সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত বিমান সংযোগ আৰু অধিক শক্তিশালী কৰিলে। এয়াৰলাইনে এতিয়া ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দৈনিক পোনপটীয়া বিমান সেৱা আগবঢ়াইছে, একেখন বিমানত দিল্লীলৈ অবিৰাম যাত্ৰাই যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰিব। এই নতুন পথটোৱে উত্তৰ-পূবত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পদচিহ্ন ক্ৰমান্বয়ে বৃদ্ধি কৰিছে, আগৰতলা, ডিমাপুৰ, গুৱাহাটী আৰু ইম্ফলৰ পিছত ডিব্ৰুগড় হৈছে অঞ্চলটোৰ পঞ্চমটো বিমান বন্দৰ।

ডিব্ৰুগড়ৰ পৰা উদ্বোধনী বিমানখনে ১৩:৪৫ বজাত উৰা মাৰি ১৫:১৫ বজাত গুৱাহাটীত অৱতৰণ কৰাৰ পাছত পৰৱৰ্তী গন্তব্যস্থান দিল্লীলৈ আগবাঢ়ি যায়। মোহনবাৰী বিমানবন্দৰত নতুন আকাশী পথৰ প্ৰথমজন যাত্ৰীক উদযাপনমূলক বৰ্ডিং পাছ প্ৰদান কৰা হয়।এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱাৰ লগতে ভাৰতৰ আন পাঁচখন প্ৰধান চহৰ ক্ৰমে বেংগালুৰু, চেন্নাই, দিল্লী, জয়পুৰ আৰু কলকাতালৈ সুবিধাজনক ৱান ষ্টপ সংযোগ প্ৰদান কৰিব।

টেলছ অৱ ইণ্ডিয়া পদক্ষেপৰ অংশ হিচাপে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে নিজৰ দুখন একেবাৰে নতুন বিমানক অসমীয়া ৰূপত অনুপ্ৰাণিত হৈ বিশেষভাৱে সজাই তুলিছে—ভিটি-বিএক্সআইত অসমৰ জনজীৱনৰ সৈতে গভীৰভাৱে শিপাই থকা পৰম্পৰাৰ প্ৰতীক হিচাপে স্বাভিমানৰ ‘গামোচা’ অনুপ্ৰাণিত বৈশিষ্ট্য প্ৰদান কৰা হৈছে, আনহাতে ভিটি-বিডব্লিউবিত প্ৰদৰ্শন কৰা হৈছে এটা ‘জাপি’ অনুপ্ৰাণিত ডিজাইন, যিয়ে অঞ্চলটোৰ কাৰু-কাৰ্য, বৈশিষ্ট্যক উদযাপন কৰিছে।