এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক্স কানেক্টৰ সৈতে একত্ৰীকৰণ সম্পূৰ্ণ কৰিলে

96

এয়াৰ ইণ্ডিয়া গ্ৰুপে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেড আৰু এআইএক্স কানেক্ট প্ৰাইভেট লিমিটেড(পূৰ্বতে এয়াৰ এছিয়া ইণ্ডিয়া)ক একত্ৰিত কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ব্ৰেণ্ডৰ অধীনত অধিক শক্তিশালী কম খৰচী বিমান সেৱা গঢ়ি তুলিছে। এই কৌশলগত পদক্ষেপ গ্ৰুপটোৰ চলি থকা Vihaan.AI ৰূপান্তৰ কাৰ্যসূচীৰ অন্যতম অংশ, যাৰ লক্ষ্য হৈছে ৪টা বিমান সংস্থাক দুটাত একত্ৰিত কৰি কাৰ্য-কলাপ সুশৃংখলিত কৰা আৰু সেৱা প্ৰদানৰ মান উন্নীত কৰা।

এআইএক্স কানেক্টৰ ৰিব্ৰেণ্ডিঙৰ পিছত এবছৰতকৈও কম সময়ৰ ভিতৰতে চূড়ান্ত কৰা একত্ৰিকৰণৰ বাবে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়(ডিজিচিএ)ৰ অত্যাৱশ্যকীয় অনুমোদন প্ৰাপ্ত কৰাৰ সময়ত কাৰ্যকৰী মেনুৱেলবোৰ সুসংগত কৰাৰ লগতে বিমান স্থানান্তৰ কৰিব লগা হৈছিল। এই একত্ৰিকৰণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ ফলত ভাৰতত ভৱিষ্যতৰ বিমান সেৱা একত্ৰিকৰণৰ এক নিজৰ স্থাপন হ’ল, যি দেশৰ বৰ্ধিত বিমানৰ বজাৰৰ ওপৰত আলোকপাত কৰিছে।

এই একত্ৰিকৰণে উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণকাৰীসকলৰ বাবে বিমান সংযোগ আৰু বিকল্প যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ যুৱ সমাজৰ মাজত সুলভ ভ্ৰমণৰ বৰ্ধিত চাহিদা অনুসৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে বিত্তীয় বৰ্ষৰ শেষলৈ বিমানৰ সংখ্যা ৮৮খনৰ পৰা শতাধিক বিমানলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে, যাতে বিমানৰ যাত্ৰাপথ বৃদ্ধি কৰি দক্ষ ভ্ৰমণ সমাধান বিচৰা যাত্ৰীসকলৰ বৰ্ধিত আকাংক্ষা পূৰণ কৰিব পৰা যায়।