বিপদে যে লগ নেৰাই হৈছে এয়াৰ ইণ্ডিয়াক ৷ পুনৰ কাৰিকৰী বিজুতি ঘটিছে এয়াৰ ইণ্ডিয়াৰ বিমানত ৷উল্লেখ কৰা মতে, ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী গতি কৰি আছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান ৷ কিন্তু মাজ আকাশতে বিমানখনত কিছু বিসংগতি ধৰা পৰে ৷ যথা সময়ত পাইলটৰ বিচক্ষণতাত মুম্বাই সলনি কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ৷ ফলত সৌভাগ্যক্ৰমে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে ৷এয়াৰ ইণ্ডিয়াৰ AI180 বিমানখনৰ এটা ইঞ্জিনত কাৰিকৰী বিজুতি ঘটে ৷ যাৰ বাবে আজি (মঙলবাৰ) পুৱা 05:20 বজাত কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে AI180 বিমানখনে ৷
