কালিকা লাগিছে এয়াৰ ইণ্ডিয়াত !ফুকেটৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান । কিন্তু আপাতকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় বিমানখন । কাৰণ শুনিলে চিন্তাত পৰিব আপুনিও । আজি ফুকেটৰ পৰা নতুন দিল্লীলৈ আহিবলৈ ওলোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানৰ কৰিবলগীয়া হ’ল আপাতকালীন অৱতৰণ ।থাইলেণ্ডৰ ফুকেটৰ পৰা এয়াৰ ইণ্ডিয়াৰ AI-379 বিমানখনৰ আপাতকালীন অৱতৰণ কৰোৱা হয় । জানিব পৰা মতে, এই বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি পোৱা গৈছিল । সেয়ে বিমানখনৰ নতুন দিল্লীলৈ উৰণ বাতিল কৰা হয় । শুকুৰবাৰে এই ভাবুকি লাভ কৰাৰ পিছত বিমানখন আপাতকালীনভাৱে অৱতৰণ কৰোৱা হয় ।
