ৰাজ্যৰ যোগাযোগ আৰু প্ৰতিৰক্ষা খণ্ডৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ এতিয়া সাজু হৈছে অসমবাসী। অহা ১৪ ফেব্ৰুৱাৰীত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মিত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঢ়িয়াই অনা বায়ুসেনাৰ এখন যুঁজাৰু বিমানে গ্ৰহণ কৰিব অৱতৰণ। অসমৰ বুকুত প্ৰথমবাৰৰ বাবে ঘাইপথত যুদ্ধবিমানৰ এনে দুঃসাহসিক অৱতৰণৰ দৃশ্যই দেশৰ সামৰিক শক্তিৰ এক নতুন নিদৰ্শন দাঙি ধৰিব।
প্ৰধানমন্ত্ৰীৰ এই হাই-প্ৰফাইল ভ্ৰমণক কেন্দ্ৰ কৰি মৰাণত বৰ্তমান তীব্ৰ উত্তেজনা আৰু ব্যাপক তৎপৰতা অব্যাহত আছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু ভাৰতীয় বায়ুসেনাৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ইতিমধ্যে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক বৈঠক সম্পন্ন হৈছে। এই বৈঠকত সুৰক্ষা ব্যৱস্থা, যাতায়াত নিয়ন্ত্ৰণ আৰু পথত বিমান অৱতৰণৰ কাৰিকৰী দিশসমূহ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হয়।
মুখ্য সচিব ৰবি কোটাই সংবাদ মাধ্যমৰ আগত কয়, “অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণত ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিশেষ ঘাইপথটো উদ্বোধন কৰিব। জৰুৰীকালীন অৱস্থাত বায়ুসেনাৰ যুঁজাৰু বিমানে যাতে কোনো অসুবিধা নোহোৱাকৈ ইয়াত অৱতৰণ কৰিব পাৰে, তাৰ বাবেই এই পথটো নিৰ্মাণ কৰা হৈছে।” একেদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও এই ঐতিহাসিক মুহূৰ্তটোলৈ অসমবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি সদৰী কৰে।
প্ৰশাসনে সকলো চৰকাৰী বিভাগক হাই এলাৰ্টত থকাৰ নিৰ্দেশ দিছে যাতে কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ এই কাৰ্যসূচী সফল কৰি তুলিব পৰা যায়। বিশেষকৈ আন্তঃবিভাগীয় সমন্বয়ৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা অভেদ্য কৰি তোলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
