এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিৰ নতুন দিল্লীৰ অশোকা ৰোড বাসগৃহত একাংশ অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ। এই সন্দৰ্ভত আছাদুদ্দিন ওৱাইছিয়ে এজাহাৰ দাখিল কৰে। তেওঁৰ বাসগৃহত উপস্থিত হয় অতিৰিক্ত ডিচিপি। আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰি আছে। ওৱাইছিয়ে দাখিল কৰা এজাহাৰ অনুসৰি যোৱা সন্ধিয়া তেওঁৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰা হয়। পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ওৱাইছিয়ে। তেওঁৰ এজাহাৰত তেওঁ অভিযোগ কৰে যে এদল দুষ্কৃতিকাৰীয়ে তেওঁৰ বাসগৃহত শিলগুটি নিক্ষেপ কৰি খিৰিকীৰ ক্ষতিসাধন কৰে।
ওৱাইছিয়ে কয়, ‘উভতি আহোঁতে দেখিলোঁ খিৰিকীৰ কাঁচবোৰ ভাঙি গৈছে আৰু চাৰিওফালে শিল পৰি আছে। মোৰ ঘৰুৱা সহায়কাৰীয়ে জনোৱা মতে, সন্ধিয়া ৫:৩০ বজাৰ ওচৰত এদল দুষ্কৃতিকাৰীয়ে বাসগৃহটোত শিলগুটি নিক্ষেপ কৰে।’’
উল্লেখ্য যে ওৱাইছি তেওঁৰ বক্তব্যৰ বাবে বহু আলোচনাত আছে। যোৱা বছৰ হাপুৰৰ চিজাৰছি টোলত এআইএমআইএমৰ মুৰব্বীগৰাকীৰ ওপৰত মাৰাত্মক আক্ৰমণ সংঘটিত হৈছিল। তেওঁৰ কনভয়ৰ ওপৰত গুলীচালনা কৰা হয়।
দেওবাৰে নাছিৰ আৰু জুনাইদৰ হত্যাকাণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লয় এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ কয় যে জুনাইদ আৰু নাছিৰৰ বাবে টুইট কৰিও পিএম মোদীয়ে দুখ প্ৰকাশ কৰিব লাগে। ওৱাইছিয়ে টুইট কৰি কয়, ‘প্ৰধানমন্ত্ৰী জুনাইদ আৰু নাছিৰক তথাকথিত গৰু ৰক্ষাকাৰীয়ে অপহৰণ কৰি প্ৰহাৰ কৰি জ্বলাই হত্যা কৰিছিল। দুয়োৰে সৰু ল’ৰা-ছোৱালী আছে। দুয়োৰে বাবে টুইট কৰি ক্ষমা বিচাৰিব।’’
