আইচিচিৰ হাফ অফ ফেমত অন্তৰ্ভুক্ত ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ

5

টেষ্ট ক্ৰিকেটৰ ইনিংছত শ্ৰেষ্ঠ বলিং (৮/৫৩) বল কৰা ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ বুধবাৰে আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ) হাফ অফ ফেমত অন্তৰ্ভুক্ত হোৱা দেশৰ দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকাৰ বেটিং মহান এ বি ডি ভিলিয়ৰ্ছ আৰু ইংলেণ্ডৰ বেটছমেন এলিষ্টাৰ কুকেও হল অফ ফেমত স্থান লাভ কৰিছে। ভাৰতীয় মহিলা দল বাছনি সমিতিৰ বৰ্তমানৰ অধ্যক্ষ নীতুৱে প্ৰাক্তন অধিনায়ক ডায়েনা এডুলজীক অন্তৰ্ভুক্ত কৰাৰ এবছৰ পিছত আইচিচি হল অফ ফেমত স্থান লাভ কৰে।বাওঁহাতৰ স্পিনাৰ নিতুৱে ভাৰতৰ হৈ ১০০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচ (১০ খন টেষ্ট আৰু ৯৭ খন এদিনীয়া) খেলিছিল। এদিনীয়া ক্ৰিকেটত ৪৭ বছৰীয়া নিতু হৈছে ১৪১ টা উইকেট লাভ কৰা ভাৰতৰ দ্বিতীয় সৰ্বাধিক সফল বলাৰ। তেওঁ দেশৰ প্ৰথম গৰাকী মহিলা বলাৰ আছিল, যিয়ে ৫০ অভাৰৰ ফৰ্মেটত ১০০ উইকেটৰ সীমা স্পৰ্শ কৰিছিল। ২০০৫ চনৰ বিশ্বকাপৰ আটাইতকৈ সফল বলাৰ নিতুৱে ভাৰতক প্ৰথমবাৰৰ বাবে ফাইনেললৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

নীতুৱে ১৯৯৫ চনত ১৭ বছৰ বয়সত নেলছনত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল।১৯৯৫ চনত জামছেদপুৰত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ দুই ৰানৰ পৰাজয়ৰ সময়ত তেওঁ ৫৩ ৰানত আঠটা উইকেট লৈছিল, যিএতিয়াও মহিলা টেষ্টত এটা ইনিংছত সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত বলিং প্ৰদৰ্শন। নিতুৱে ১০ খন টেষ্টত ৪১ টা উইকেট দখল কৰাৰ সময়ত ৯৭ খন এদিনীয়াত ১৬.৩৪ গড়ে ১৪১ টা উইকেট দখল কৰিছিল। নিতুৱে ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় কিন্তু দুবছৰ পিছত নিজৰ সিদ্ধান্ত সলনি কৰে আৰু এছিয়া কাপ আৰু ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ বাবে এদিনীয়া ফৰ্মেটত খেলিছিল। আনহাতে, কুকে ২৫০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় খেলত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ইংলেণ্ডৰ সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহকাৰী আৰু শতক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ অধিনায়ক হিচাপেও যথেষ্ট সফল আছিল।

ডিভিলিয়ৰ্ছে তেওঁৰ ১৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তিনিওটা ফৰ্মেটতে ২০,০০০তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছিল। খেলপথাৰৰ চাৰিওফালে শ্বট খেলিব পৰা ক্ষমতাৰ বাবে ডিভিলিয়ৰ্ছক ‘মিষ্টাৰ ৩৬০’ বুলিও কোৱা হয়। তেওঁ দক্ষিণ আফ্ৰিকাৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক, শতক আৰু ১৫০ ৰানৰ অভিলেখ গঢ়িছে আৰু খেলৰ ইতিহাসৰ আটাইতকৈ আক্ৰমণাত্মক বেটছমেন হিচাপে গণ্য কৰা হয়। ২০০৯ চনৰ জানুৱাৰীত বিশ্বব্যাপী পৰিচালনা সমিতিৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আইচিচি হল অফ ফেম আৰম্ভ কৰা হৈছিল। খেলুৱৈসকলৰ অন্তৰ্ভুক্তি এই সপ্তাহত ডুবাইত কেইবাটাও বিশেষ অনুষ্ঠানৰ সৈতে উদযাপন কৰা হ’ব, যিটো মহিলা টি-২০ বিশ্বকাপৰ সমাপ্তিৰ সময়ত অনুষ্ঠিত হ’ব।