ভাৰতৰ দ্ৰুততম বিকাশশীল প্ৰযুক্তি ব্ৰেণ্ড এআই+এ স্মাৰ্ট ডিভাইচৰ এটা নতুন শ্ৰেণী “এআই + লেপটেব” মুকলি কৰিছে, যিয়ে লেপটপৰ উৎপাদনশীলতাক টেবলেটৰ স্বজ্ঞাত বহনযোগ্যতাৰ সৈতে একত্ৰিত কৰিছে। ভাৰতৰ হাইব্ৰিড প্ৰজন্মৰ শিক্ষাৰ্থী, সৃষ্টিকৰ্তা আৰু পেছাদাৰীসকলৰ বাবে ডিজাইন কৰা এআই+লেপটেব তিনিটা আকাৰত উপলব্ধ হ’ব – ১১”, ১২” আৰু ১৩” – আৰু ইয়াৰ সৈতে কিবৰ্ড আৰু ষ্টাইলাছ সন্নিৱিষ্ট কৰা হৈছে। ২০২৬ৰ প্ৰথম ত্ৰৈমাসিকত ফ্লিপকাৰ্ট আৰু আই+ৰ খুচুৰা অংশীদাৰৰ জৰিয়তে দেশজুৰি উপলব্ধ হ’ব। ছমাহৰ ভিতৰতে ১ মিলিয়ন ব্যৱহাৰকাৰীৰ সমৰ্থন অতিক্ৰম কৰি এআই+ স্মাৰ্টফোনৰ সফলতাৰ পিছত এয়া এআই+ৰ দ্বিতীয় বৃহত্ হাৰ্ডৱেৰ মুকলিৰ পৰিকল্পনা হিচাপে চিহ্নিত হৈছে, যিয়ে এআই+ক ভাৰতৰ সাৰ্বভৌম প্ৰযুক্তিৰ দৃশ্যপটত এক শ্ৰেণী-নিৰ্ধাৰণ শক্তি হিচাপে দৃঢ় কৰিছে। এআই+ এটা সহজ ভিত্তিত নিৰ্মিত: এটা ডিভাইচে সকলো কৰিব পাৰে। ভাৰ্চুৱেল ক্লাছত অংশগ্ৰহণ কৰাৰ পৰা প্ৰেজেণ্টেচন সম্পাদনা কৰালৈকে, বিংগ-ৱাচিং শ্ব’ৰ পৰা আৰম্ভ কৰি ভ্ৰমণৰ সময়ত চিন্তা-চৰ্চা কৰালৈকে—ব্যৱহাৰকাৰীসকলে এতিয়া ডিভাইচ সলনি নকৰাকৈ বা প্ৰবাহ ভংগ নকৰাকৈ উৎপাদনশীলতা আৰু মনোৰঞ্জন সমানে অব্যাহত ৰাখিব পাৰে।
মোবাইল অপাৰেটিং ছিষ্টেমৰ বাধাৰ দ্বাৰা সীমিত প্ৰচলিত টেবলেটৰ দৰে নহয়, লেপটেব নেক্সটকিউ অপাৰেটিং ছিষ্টেমত চলে, যিয়ে এটা পূৰ্ণাংগ উৎপাদনশীলতা আন্তঃপৃষ্ঠৰ বাবে এটা নিৰ্দিষ্ট পিচি মোড প্ৰদান কৰে। কি-বৰ্ড আৰু ষ্টাইলাছৰ সামঞ্জস্যতাৰে লেপটেবে ব্যৱহাৰৰ ক্ষেত্ৰত নিৰবিচ্ছিন্নভাৱে অধ্যয়ন, ডিজাইন, উৎপাদনশীলতা আৰু মনোৰঞ্জনক অভিযোজন কৰে। সেয়েহে ঘৰতে হওক, কেফেত হওক অথবা যাতায়াততে হওক, ব্যৱহাৰকাৰীসকলে সহজে লিখিব পাৰে, স্কেচ কৰিব পাৰে অথবা ব্ৰাউজ কৰিব পাৰে। “এই + লেপটেবটো অন্য সাধাৰণ টেবলেটৰ দৰে নহয়। আধুনিক জীৱনৰ দ্ৰুততাৰ প্ৰতি এয়া আমাৰ বাস্তৱসন্মত উত্তৰ “”, নেক্সটকুৱাণ্টাম শ্বিফ্ট টেকনলজীছৰ প্ৰতিষ্ঠাপক তথা এআই +ৰ মাধৱ শেঠে এইদৰে কয়।
তেওঁ লগতে কয় যে, “ভাৰতীয় ব্যৱহাৰকাৰীসকলে আশা কৰে যে কোনো আপোচ নকৰাকৈ সাধাৰণ কাম, অধ্যয়ন, ডিজাইন, ভিডিঅ’ কল আৰু আৰামদায়ক আৰু প্ৰদৰ্শনো এটা সঁজুলিতে বিচাৰে। এই সকলোবোৰ এআই + লেপটেবে প্ৰদান কৰে। ” এআই+ লেপটেব হৈছে এআই+ৰ বিস্তৃত সংযুক্ত পৰিৱেশ তন্ত্ৰৰ অন্যতম মূল পদক্ষেপ, যিয়ে স্মাৰ্টফোন, ৱেয়াৰেবল, টিডব্লিউএছ আৰু শেহতীয়াভাৱে কম্পিউটিঙক সামৰি লৈছে। অচিৰে ব্যৱহাৰকাৰীসকলে নিৰবিচ্ছিন্ন হেণ্ডঅফ আৰু সংহত অভিজ্ঞতাৰ সৈতে এআই + ডিভাইচত গভীৰ চফ্টৱেৰৰ ধাৰাবাহিকতা অনুভৱ কৰিব।
