দেশৰ আইটিআইক ৰূপান্তৰিত কৰিবলৈ এআই বিপ্লৱ: এমএছডিইয়ে আৰম্ভ কৰিছে নতুন পদক্ষেপ

97

এই পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তা(এআই)ক একত্ৰিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি ভাৰতৰ বৃত্তিমূলক প্ৰশিক্ষণৰ পৰিৱেশ পুনৰ গঢ় দিয়াৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে ধাৰাবাহিক অভিলাষী পদক্ষেপ মুকলি কৰিছে। নয়ডাস্থিত নেচনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট (এন এছ টি আই) মহিলাত সাৰুৱা ভাষণ প্ৰদান কৰি এমএছডিইৰ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে মাইক্ৰ’ছফ্টৰ সৈতে অংশীদাৰিত্বৰে অগ্ৰণী এ আই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

মাইক্ৰ’ছফ্টৰ এআই প্ৰগ্ৰেমিং এচিষ্টেণ্ট পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ কৰি ২০০টা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই) আৰু ১৫টা এনএছটিআইত সুবিধা উপলব্ধ কৰা হৈছে। আগন্তুক শৈক্ষিক বৰ্ষত ১০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই বিষয়ে কয় যে, “উদীয়মান প্ৰযুক্তি আৰু এআইয়ে আইটিআইক ন ৰূপ দিয়াত সহায় কৰিব আৰু প্ৰশিক্ষকৰ এক ক্ষেত্ৰ তৈয়াৰ কৰিব যিয়ে ভৱিষ্যতৰ প্ৰতিভাক নতুন নিযুক্তিৰ পৰিৱেশৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰিব।”

এমএছডিইয়ে ভাৰতৰ কৰ্মশক্তিক অধিক শক্তিশালী কৰাৰ বাবে ডিজিটেল বাণিজ্য আৰু মহিলাসকলৰ উদ্যোগত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে মহাৰাষ্ট্ৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম (এমএছএছআইডিচি) আৰু ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক(অ’এনডিচি)কে ধৰি গুৰুত্বপূৰ্ণ সংগঠনসমূহৰ সৈতে চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। গুৱাহাটীত এই পদক্ষেপসমূহে দক্ষ পেছাদাৰীসকলৰ মাজত এক নতুন ঢৌ আনি দিব বুলি আশা কৰা হৈছে, বিশেষকৈ এআই আৰু ডিজিটেল বাণিজ্যত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশক শক্তিশালী কৰিব আৰু ইয়াক ডিজিটেল উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে স্থান দিব।