আৰ্জেণ্টিনাৰ ফুটবল দল তথা তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে অহা মাহত কেৰালা ভ্ৰমণ নকৰে বুলি শনিবাৰে এই ভ্ৰমণৰ পৃষ্ঠপোষকে ঘোষণা কৰে। ইয়াৰ পূৰ্বে প্ৰস্তাৱিত ফুটবল খেলখনৰ পৃষ্ঠপোষক এণ্টনিঅ’ অগাষ্টিনে কেৰালাৰ ক্ৰীড়া বিভাগৰ সহযোগত ঘোষণা কৰিছিল যে মেছিৰ নেতৃত্বত আৰ্জেণ্টিনা দলটোৱে ১৭ নৱেম্বৰত কোচিত প্ৰীতি মেচ খেলিব। এতিয়া অগাষ্টিনে নিজৰ ফেচবুক পেজত ঘোষণা কৰিছে যে অহা মাহত খেলখন অনুষ্ঠিত নহ’ব।
অগাষ্টিনে লিখিছে-ফিফাৰ অনুমতি লাভ কৰাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনৰ সৈতে আলোচনাৰ অন্তত নৱেম্বৰৰ খেলখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আগন্তুক আন্তঃৰাষ্ট্ৰীয় ছিজনত কেৰালাত অনুষ্ঠিত হ’ব বুলিও কয় আৰু শীঘ্ৰে নতুন তাৰিখ ঘোষণা কৰা হ’ব। কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰ ৰহমানৰ কাৰ্যালয়ৰ বিষয়াসকলে কয় যে তেওঁলোকে খেলখন পিছুৱাই দিয়াৰ কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই।
এজন বিষয়াই কয় যে বিভাগটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কথা পাতি সময়সূচী সলনি কৰাটো নিশ্চিত কৰিব। ইয়াৰ পূৰ্বে কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম পৰিদৰ্শন কৰি এ এফ এৰ প্ৰতিনিধিয়ে সা-সুবিধাসমূহ পৰিদৰ্শন কৰে।
