কাঁহিকুছিৰ শ্যামভূমিস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত যোৱা ২৫ মে’ত এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ নৱ নিৰ্বাচিত ২১ গৰাকী বিজয়ী সদস্যক অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও ৰাভা হাচাং স্বায়ত্ত্ব পৰিষদৰ বিজয়ী সদস্য পুষ্পাঞ্জলি কুমাৰী বড়োকো সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰসঙ্গত ৰাইজৰ লগত থাকি উন্নয়নমূলক কাম কাজ কৰি যোৱাৰ বাবে আহ্বান জনায় । ইয়াৰ উপৰিও দিছপুৰৰ মিত্ৰজোঁটৰ চৰকাৰক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰাজেন চন্দ্ৰ মেধী, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি পৰেশ বৰুৱা,মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী পূৰবী তালুকদাৰ, কাঁহিকুছি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জগন্নাথ ঠাকুৰীয়া, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি প্ৰণৱ দাস প্ৰমুখ্যে দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকলৰ লগতে আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে।
