অসমত বিধানসভা নিৰ্বাচনৰ পাছতে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ এক ব্যাপক আৰু সঠিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সোণাৰিত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে বৰ্তমান চলি থকা সংশোধন প্ৰক্ৰিয়াতকৈ আগন্তুক বিশেষ নিবিড় সংশোধন বা এছ আই আৰ অধিক বিস্তৃত হ’ব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত জাননী প্ৰকাশ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান নিৰ্বাচন আয়োগে কেৱল বিশেষ সংশোধনৰ কামহে হাতত লৈছে বুলিও তেওঁ সদৰী কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এন আৰ চিৰ স্থিতি স্পষ্ট নোহোৱাৰ বাবেই নিৰ্বাচন আয়োগে সম্পূৰ্ণ এছ আই আৰ চলোৱাৰ পৰা বিৰত আছিল। তেওঁ কয়, “মই আয়োগক এতিয়াই এছ আই আৰ কৰিবলৈ অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁলোকে বৰ্তমান বিশেষ সংশোধনৰ কামহে কৰিছে। নিৰ্বাচনৰ পাছত হ’বলগীয়া সংশোধন প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছোঁ।” উল্লেখ্য যে ২০১৯ চনত প্ৰকাশিত এন আৰ চিত ১৯ লাখতকৈও অধিক লোকৰ নাম কৰ্তন হৈছিল যদিও ভাৰতৰ মহাপঞ্জীয়কে বৰ্তমানলৈকে ইয়াক অধিসূচিত কৰা নাই।
চৰকাৰী তথ্য অনুসৰি, বৰ্তমান চলি থকা বিশেষ সংশোধনৰ খচৰা তালিকাত মুঠ ২,৫২,০১,৬২৪ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। যোৱা জানুৱাৰীৰ তুলনাত ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। যোৱা বছৰৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত তালিকাখনত ৭,৮৬,৮৪১ টা নতুন নাম সংযোজন হোৱাৰ বিপৰীতে ৪,৪৭,১৯৬ টা নাম কৰ্তন কৰা হৈছে।
ইফালে নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে, সংশোধনৰ সময়ত ৪,৭৮,৯৯২ গৰাকী মৃত ভোটাৰ আৰু ৫,২৩,৬৮০ গৰাকী স্থানান্তৰিত ভোটাৰক চিনাক্ত কৰা হৈছে। অৱশ্যে এই নামসমূহ বৰ্তমানলৈকে তালিকাৰ পৰা সম্পূৰ্ণৰূপে বিলোপ কৰা হোৱা নাই। অহা ১০ ফেব্ৰুৱাৰীত অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতহে দাবী আৰু আপত্তিৰ ভিত্তিত এই নামসমূহ কৰ্তন কৰা হ’ব।
