দিল্লীত থকা উচ্চায়ুক্তৰ ভিছা সেৱা সাময়িকভাৱে বন্ধ কৰাৰ পিছত বাংলাদেশে আগৰতলাৰ ভিছা কাৰ্যালয় আৰু শিলিগুৰিত ভিছা আবেদন কেন্দ্ৰও বন্ধ কৰি দিছে। মঙলবাৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলাত থকা বাংলাদেশৰ ভিছা আৰু কনছুলাৰ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে।
পশ্চিম বংগৰ শিলিগুৰিস্থিত বাংলাদেশৰ ভিছা আবেদন কেন্দ্ৰও সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। বাংলাদেশৰ হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ মৃত্যুৰ পিছতে বিগত কিছুদিন ধৰি আগৰতলাত স্থানীয় একাংশ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৱশ্যে কলকাতাত থকা বাংলাদেশৰ ভিছা কাৰ্যালয় খোলা আছে।
ইয়াৰ পূৰ্বে বাংলাদেশে দিল্লীত থকা উচ্চায়ুক্তৰ ভিছা সেৱা সাময়িকভাৱে বন্ধ কৰি দিছিল। উচ্চ আয়োগৰ গেটত এখন জাননী আঁৰি দিয়া হৈছে যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই কাম-কাজসমূহ বন্ধ থাকিব।
