কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে লোকসভাত উত্থাপন কৰে ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক, ২০২৫। যাক লৈ দেশৰ ৰাজনীতিত আন এক বিতৰ্কৰ সূচনা হৈছে। অমিত শ্বাহে লোকসভাত উত্থাপন কৰা ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক, ২০২৫ক তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী সাংসদসকলে। এই বিধেয়কত দুৰ্নীতি বা গুৰুতৰ অপৰাধৰ গোচৰত কমেও ৩০ দিনৰ বাবে আটক বা গ্ৰেপ্তাৰ হোৱা সেইসকল কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীক অপসাৰণৰ ব্যৱস্থা আছে। যেতিয়া লোকসভাৰ মজিয়াত অমিত শ্বাহে এই বিধেয়কখন উত্থাপন কৰে থাকে তেনে সময়ত বিৰোধী সাংসদসকলে ইয়াৰ তীব্ৰ বিৰোধিতাৰে সদন উত্তাল ৰাখে।
যাৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰা প্ৰস্তাৱিত বিধেয়কৰ মতে, যদি নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ কোনো এজনক গ্ৰেপ্তাৰ কৰি একেৰাহে ৩০ দিন আৰক্ষীৰ জিম্মাত থাকে তেন্তে ৩১ দিনত তেওঁ পদত্যাগ কৰিব লাগিব নহ’লে তেওঁক স্বয়ংক্ৰিয়ভাৱে পদৰ পৰা অপসাৰণ কৰা হ’ব। যদিহে গোচৰটোত কমেও পাঁচ বছৰ বা তাতকৈ অধিক শাস্তিৰ ব্যৱস্থা আছে তেতিয়াহে এই কথা প্ৰযোজ্য হ’ব। বৰ্তমান সময়ত গুৰুতৰ অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হৈ আটকধীন হৈ থকা কেন্দ্ৰ/ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীসকলক অপসাৰণ কৰাৰ কোনো ব্যৱস্থা সংবিধানত নাই।
সাধাৰণতে তেওঁলোকে গ্ৰেপ্তাৰৰ পূৰ্বে পদত্যাগ কৰে, যেনে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (এটা আবকাৰী গোচৰত) বা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেন ( ভূমি কেলেংকাৰীত)। কিন্তু কেজৰিৱালে ৬ মাহ জেলৰ পৰা দিল্লী চৰকাৰ চলাইছিল, তাৰ পিছত আতিশীক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ঝাৰখণ্ডত জেএমএমৰ জ্যেষ্ঠ নেতা চম্পাই সোৰেনে হেমন্ত সোৰেন জেলত থকা সময়লৈকে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল।
