৫৬.১০ কোটি টকাৰ আই পি অ’ পৰিকল্পনা এৰন কম্প’জিট লিমিটেডৰ, ২৮ আগষ্টত গ্ৰাহকৰ বাবে মুকলি হ’ব শ্বেয়াৰ

158

ফাইবাৰ গ্লাছ ৰিইনফৰ্চড পলিমাৰ সামগ্ৰীৰ ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান এৰন কম্প’জিট লিমিটেডে আগন্তুক প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ(আই পি অ’)ৰ জৰিয়তে ৫৬.১০ কোটি টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিবলৈ সাজু হৈছে। ২৮ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব লগা এই ৰাজহুৱা অফাৰ ২০২৪ চনৰ ৩০ আগষ্টত সমাপ্ত হ’ব। প্ৰতিষ্ঠানটোৱে মুঠ ৪৪.৮৮ লাখ ইকুইটি শ্বেয়াৰ জাৰি কৰিব, যাৰ প্ৰতিটোৰ ফেচ ভেল্যু হ’ব ১০ টকাকৈ, আনহাতে ১২১ টকাৰ পৰা ১২৫ টকাৰ ভিতৰত হ’ব প্ৰতিটো শ্বেয়াৰৰ মূল্য। সংগগৃহীত ধনৰাশি গুজৰাটৰ মেহছানাত অতিৰিক্ত উৎপাদন ইউনিট স্থাপন আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যৰ বিভিন্ন সেৱা-কাৰ্যত ব্যৱহৃত হ’ব। এই ধনৰাশি নিৰীক্ষণৰ বাবে বুক ৰানিং লিড মেনেজাৰ হৈছে হেম ছিকিউৰিটিজ লিমিটেড।

আইপিঅ’ৰ নূন্যতম লটৰ পৰিমাণ হৈছে ১০০০ শ্বেয়াৰ, ইয়াৰ বাবে আপাৰ প্ৰাইচ বেণ্ডত নূন্যতম ১.২৫ লাখ টকা বিনিয়োগ কৰিব লাগিব। ২০১১ত স্থাপিত আৰুআইএছঅ’ ৯০০১:২০১৫ দ্বাৰা প্ৰমাণিত এৰন কম্প’জিট লিমিটেডে বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰত প্ৰয়োগৰ বাবে ব্যৱহৃত এফআৰপি সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে। আহমেদাবাদস্থিত এৰন কম্প’জিট লিমিটেডৰ উৎপাদন কেন্দ্ৰটো ২৬,০০০ বৰ্গমিটাৰতকৈও অধিক অঞ্চলজুৰি বিস্তৃত হৈ আছে। ২০২৩-২৪ বিত্তীয় বৰ্ষ(২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে)ত প্ৰতিষ্ঠানটোৱে ১৭৯.১৪ কোটি টকাৰ ৰাজহ আৰু ৯.৪২ কোটি টকাৰ মুঠ লাভালাভ অৰ্জনৰ তথ্য প্ৰকাশ কৰিছে।

কলকাতাৰ বৰ্ধিত ঔদ্যোগিক আধাৰ আৰু উন্নত সংমিশ্ৰিত সামগ্ৰীৰ চাহিদাৰ বাবে আইপিঅ’ৰ প্ৰৱেশে যথেষ্ট আগ্ৰহ আৰু আকৰ্ষণ বৃদ্ধি কৰিব পাৰে। এৰন কম্প’জিটৰ শক্তিশালী বিত্তীয় প্ৰদৰ্শন আৰু কৌশলগত সম্প্ৰসাৰণ পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত কলকাতাৰ বিনিয়োগকাৰীসকলে এই দিশসমূহত অনন্য মাত্ৰা অনুভৱ কৰিব পাৰে, যি এক সমৃদ্ধ ঔদ্যোগিক খণ্ডত অগ্ৰগতি আৰু লাভালাভৰ বাবে এক আশাব্যঞ্জক সুযোগ প্ৰদান কৰিব পাৰে।