হোজাই জিলাৰ ডবকাত বৃহস্পতিবাৰে পুৱাৰে পৰা বন বিভাগ আৰু জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬,০০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দীৰ্ঘদিন ধৰি অবৈধ দখলত থকা এই বিশাল বনভূমি উদ্ধাৰৰ বাবে প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
চৰকাৰী সূত্ৰ অনুসৰি, সংৰক্ষিত বনাঞ্চলখনৰ এই মাটিত প্ৰায় ১,২৫০ টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছিল। ইয়াৰে ১৫২ টা পৰিয়ালৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ বাবে তেওঁলোকক সাময়িকভাৱে উচ্ছেদৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে বাকী ১,০৯৮ টা পৰিয়ালক আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত উচ্ছেদ কৰা হৈছে। অভিযানৰ পূৰ্বেই বহু বাসিন্দাক নিজৰ সা-সম্পত্তি লৈ ঘৰ-দুৱাৰ ভাঙি আঁতৰি যোৱা দেখা যায়।
ইফালে, যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ ডবকাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। অসম আৰক্ষী আৰু চি আৰ পি এফৰ শ শ জোৱান মোতায়েন কৰাৰ লগতে ৫০ খনতকৈও অধিক জে চি বি (JCB) মেচিন ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ ধ্বংস কৰা হয়। বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে নিজেই উপস্থিত থাকি সমগ্ৰ উচ্ছেদ প্ৰক্ৰিয়াৰ তদাৰক কৰে।
ইফালে, এই উচ্ছেদক লৈ হোজাই জিলাৰ বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ সংগঠনে ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবী জনাইছে। অৱশ্যে প্ৰশাসনে স্পষ্ট কৰি দিছে যে সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰিবলৈ আইন অনুসৰিহে এই পদক্ষেপ লোৱা হৈছে। বৰ্তমান ডবকাৰ পৰিৱেশ উত্তপ্ত যদিও নিয়ন্ত্ৰণাধীন হৈ আছে।
