আদিত্য বিৰলা কেপিটেল লিমিটেড (এবিচিএল)ৰ স্বাস্থ্য বীমা সহায়ক কোম্পানী আদিত্য বিৰলা হেল্থ ইঞ্চিউৰেন্স কোম্পানী লিমিটেডে (এভিআইচিএল) বেঙ্কৰ শাখাৰ নেটৱৰ্কৰ জৰিয়তে স্বাস্থ্য বীমা সামগ্ৰী বিতৰণৰ বাবে দেশৰ অন্যতম ক্ষুদ্ৰ বিত্ত বেংকউৎকৰ্ষ ক্ষুদ্ৰ বিত্ত বেংকৰ সৈতে ইয়াৰ বেংকএছ্যুৰেন্স অংশীদাৰীত্ব ঘোষণা কৰিছে।
সুৰক্ষা স্বাস্থ্য আঁচনিসহ ইয়াৰ স্বাস্থ্য বীমা আঁচনিৰ বিস্তৃত চুইট, দেশৰ ১৯ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলত বিয়পি থকা ২১৪ খন জিলাৰ ৬৪২ টা শাখাত বেঙ্কৰ ২.৭ নিযুত+ গ্ৰাহকক ক্ৰয় কৰাৰ বাবে উপলব্ধ হ’ব। কোম্পানীটোৰ ভাৰতত ১৭৫ টা শাখা আছে আৰু সমগ্ৰ ভাৰতত ৫১,১২০+ তকৈও অধিক পোনপটীয়া বিক্ৰী এজেণ্টৰ সৈতে ইয়াৰ ১২ টা বেংকএছ্যুৰেন্স অংশীদাৰ আছে।
আদিত্য বিৰলা স্বাস্থ্য বীমাৰ মুখ্য কাৰ্যবাহী বিষয়া মায়াংক বাথৱালে কয়, “এই চুক্তিয়ে আমাক বীমা সমাধানৰ সৈতে দ্বিতীয় স্তৰ আৰু তৃতীয় স্তৰৰ বজাৰত উপনীত হোৱাত সহায় কৰিব যাৰ ফলত দেশত বীমাৰ প্ৰৱেশ বৃদ্ধি পাব। উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ সৈতে আমাৰ মিত্ৰতাই বেংকৰ গ্ৰাহকসকলক আমাৰ সামগ্ৰিক সামগ্ৰীপৰ্টফলিঅ’ৰ পৰা সুৰক্ষা সমাধানৰ সৈতে শক্তিশালী কৰাত সহায় কৰিব। ”