আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স: ‘এক্টিভ ৱান’

979

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিছে ‘এক্টিভ ৱান’, যি হৈছে এক সৰলীকৃত আৰু ব্যাপক স্বাস্থ্য বীমা সমাধান য’ত প্ৰদান কৰা হয় ১০০% স্বাস্থ্য বীমা। এই ইঞ্চুৰেন্সৰ অধীনত প্ৰডাক্টৰ সুবিধাসমূহৰ ভিতৰত আছে ১০০% হেল্থ ৰিটাৰ্ণছটিএম, যিয়ে পলিচী হল্ডাৰক এক সক্ৰিয় আৰু স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰি নিজৰ সমগ্ৰ প্ৰিমিয়াম ঘূৰাই আনিবলৈ অনুমতি প্ৰদান কৰে।

ক্লেইম প্ৰটেক্টে হাস্পতালত ভৰ্তি হোৱা বা চিকিত্সাৰ সৈতে জড়িত সকলো তালিকাভুক্ত অনা-চিকিৎসা(নন-মেডিকেল) খৰচ সামৰি লয়, যেনে ফেচ মাস্ক, কপাহ, গ্ল’ভছ আৰু অক্সিজেন চিলিণ্ডাৰ ইত্যাদি। এক্টিভ ৱানে কোঠাৰ ভাড়া, আইচিইউৰ মাচুল আৰু আধুনিক চিকিৎসাৰ ক্ষেত্ৰতো কোনো ছাব-লিমিট(উপ-সীমা প্ৰদান) নকৰে, যাৰ ফলত পলিচিধাৰীসকলে নিজৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি স্বাস্থ্যসেৱাৰ সিদ্ধান্ত ল’ব পাৰে। চুপাৰ ৰিলোড সুবিধাই পলিচী বছৰটোৰ ভিতৰত বীমা কৰা ভিত্তি ধনৰাশি(বেছ ছাম)লৈকে আনলিমিটেড ৰিফিল প্ৰদান কৰে, যাৰ ফলত পলিচিহল্ডাৰৰ স্বাস্থ্য বীমা কভাৰ কেতিয়াও শেষ নহয়। পৰিশেষত এক্টিভ ৱানে আগবঢ়ায় ছুপাৰ ক্ৰেডিট, যাৰ ফলত পলিচিধাৰী হল্ডাৰে ক্লেইম(দাবী) নিৰ্বিশেষে, কোনো অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ নকৰাকৈয়ে নিজৰ পলিচীৰ ৬ষ্ঠ বছৰৰ ভিতৰত বীমাৰ ৰাশি ছয়গুণলৈকে বৃদ্ধি কৰি চিকিৎসা মুদ্ৰাস্ফীতি বা বৰ্ধিত খৰচৰ সৈতে মোকাবিলা কৰিব পাৰে। এক্টিভ ৱান হৈছে এভিআইচিএলৰ এইপৰ্যন্ত আটাইতকৈ বিস্তৃত প্ৰডাক্ট, যিয়ে সকলোৰে বাবে এক ব্যক্তিগতকৃত, লাভজনক আৰু চিন্তা-মুক্ত স্বাস্থ্যসেৱা সমাধান আগবঢ়াইছে।

এই নতুন পদক্ষেপৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সৰ চিইঅ’ মায়ংক বাথৱালে কয় যে, “প্ৰতিজন গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ আমি এক্টিভ ৱান প্ৰস্তুত কৰিছো, যাতে সকলো লোকৰ বিভিন্ন স্বাস্থ্য বা জীৱনৰ বিভিন্ন পৰ্যায়, আৰু দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজ দিয়াৰ সময়তো পৰ্যাপ্ত সহায় লাভ কৰিব পাৰে।”