গুৱাহাটী মহানগৰীক দেশী – বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশহিচাপে ১৩ অক্টোবৰত জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল ক্ৰমে আদিংগিৰীৰ উপৰিও মালিগাঁৱৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ , ভূতনাথ আৰু আঠগাঁৱত চুলাই মদ প্ৰস্তুত কৰা ভাটি আৰু বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়।
আনহাতে জালুকবাৰী সম জিলাৰ উপ আবকাৰী অধীক্ষক নয়ৰীতা বৰুৱাৰ তত্বাবধানত আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত চলোৱা অভিযানত চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় প্ৰায় ৩,৪০০ কেজি পাছ , ৩২০ লিটাৰ চুলাই মদ , ১০ টা বিভিন্ন ধৰণৰ সজুলি জব্দ কৰা হয়। অভিযানত চুলাই মদ প্ৰস্তুত কাৰ্যত জড়িত এজন লোকক আটক কৰাৰ বিপৰীতে কেবাজনো লোক পলাই যাবলৈ সক্ষম হয়।
আটক কৰা লোকজনৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩(১) ক’ৰ অধীনত বিভাগীয় গোচৰ ৰজু কৰি আদালতলৈ তেওঁক প্ৰেৰণ কৰা হয়। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।
