ভোগালী বিহু উপলক্ষে পূৰ্বৰ পশ্চিম গুৱাহাটী তথা বৰ্তমানৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল আদিংগিৰিৰ শংকৰদেৱ নগৰত অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাগ লৈ মাঘ বিহু তথা ভোগালী বিহুৰ তাৎপৰ্য দাঙি ধৰি উপস্থিত সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপিকা অজন্তা চক্ৰৱৰ্তী কলিতা, মধ্য গুৱাহাটী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা,সম্পাদক ক্ৰমে ভূপেন ঠাকুৰীয়া, নাৰায়ণ মালাকাৰ, মইনুল হক চৌধুৰী, অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ৰবীন দৈমাৰী, অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য পিজু ডেকা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , ১৩ নং ৱাৰ্ড অগপ কমিটিৰ সভাপতি জ্যোতি পাঠক , পৌৰ নিগমৰ ১২ নং ৱাৰ্ডৰ পৰিষদ দীপাংকৰ বৈশ্য, ১৩ নং ৱাৰ্ডৰ পাৰিষদ পূৰবী তালুকদাৰ, ২৪ নং ৱাৰ্ডৰ পাৰিষদ বিজু মেধি, ১৬ নং ৱাৰ্ডৰ পাৰিষদ প্ৰমোদ স্বামী, ১৭ নং ৱাৰ্ডৰ পাৰিষদ স্নিন্ধা মজুমদাৰ ,২৭ নং ৱাৰ্ডৰ পাৰিষদ ৰিন্টুমণি ব্ৰহ্ম , অগপৰ জ্যেষ্ঠ নেতা পৰেশ ঠাকুৰীয়া, মুকুট কলিতা,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা বিধান পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা, সম্পাদিকা গীতা নেওঁগ, কমলা প্ৰধান,বাবু প্ৰসাদ শৰ্মা, প্ৰমুখ্যে মধ্য গুৱাহাটী বিধান সভা সমষ্টিৰ জেষ্ঠ নেতা-নেত্ৰী ক্ৰমে-ভূপেন্দ্ৰ সোণোৱাল, মুকুট কলিতা,নিপন কলিতা,আবুল হাজৰিকা,অজিত ৰাজবংশী,অমল ডেকা,বিনয় বৰ্মণ,জয়া দাস, অমল দাস ,বলেন কলিতা,অজিত চন্দ্ৰ দাস যুৱ পৰিষদৰ ক্ৰমে -ৰতন নাথ,গোপী বড়ো,ভাৰ্গৱ শৰ্মা, ভবেন দাস,কৃষ্ণ বিশ্বাস,সন্তোষ ৰয়,ৰাজু বাস্ফৰ,ৰাহুল কলিতা,মৃদুল কলিতা,জাবেদ আলী, ৰাজেশ চক্ৰৱৰ্তী আৰু লিটন ৰয়ৰ লগতে মধ্য গুৱাহাটী বিধান পৰিষদৰ অন্তৰ্গত ৱাৰ্ড সমূহৰ বিষ়ববীয়াসকল উপস্থিত থাকে । অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মাংগলিক কাৰ্যৰ মাজেৰে মেজি প্ৰজ্বলন কৰি উপস্থিত সকলোৰে সৈতে অগ্নি দেৱতাৰ আশীৰ্বাদ লয় আৰু অসমবাসী ৰাইজৰ মঙ্গল কামনা কৰে।
