আদানী গ্ৰুপৰ কমিউনিটি এনগেজমেণ্ট শাখা(সামূহিক ব্যস্ততা শাখা), আদানী ফাউণ্ডেচনে দেশজোৰা ৰক্তদান অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছে। এই অভিযানকালত বৃহৎ পৰিমাণৰ ২০,৬২১ ইউনিট ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২৪ জুনত গৌতম আদানিৰ ৬১সংখ্যক জন্মদিন উপলক্ষে ভাৰতৰ ২২খন ৰাজ্যৰ ২৫০টাতকৈও অধিক স্থানত এই অভিযান চলোৱা হৈছিল।
আদানি গ্ৰুপে এই দিনটো ‘আদানি দিৱস’ৰ শুভাৰম্ভণি হিচাপে উদযাপন কৰে, এই কাৰ্যসূচী আগলৈ বাৰ্ষিক অনুষ্ঠান ৰূপে আয়োজন কৰা হ’ব। উল্লেখ্য যে, আদানী হেল্থকেয়াৰ টীমৰ নিৰ্দেশনা আৰু সমৰ্থনত আয়োজিত এই স্বেচ্ছামূলক ৰক্তদান অভিযানত আদানিৰ সমৰ্থকৰ পৰা অভূতপূৰ্ব সঁহাৰি পোৱা গৈছিল। ৩,০০০ৰো অধিক কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টাৰ ফলতহে প্ৰায় ৮,২০০ লিটাৰৰ সমতুল্য ২০,৬২১ ইউনিট তেজ সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। এইবৰ্ষৰ ৰক্ত সংগ্ৰহৰ পৰিমাণে বিগত বৰ্ষৰ ১৪,৬৫৭ টা ৰক্ত ইউনিটতকৈ বহু পৰিমাণে অতিক্ৰম কৰিছে । এই সংগৃহীত ৰক্তেৰে ৬১,০০০ৰো অধিক লোকৰ জীৱন ৰক্ষা আৰু এক উন্নত জীৱন আশা কৰা হৈছে।
এই মহান পদক্ষেপৰ বিষয়ে উল্লেখ কৰি আদানী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ড০ প্ৰীতি আদানীয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, “আমাৰ আদানী পৰিয়ালৰ গুৰুত্বপূৰ্ণ অৱদানত মই গভীৰভাৱে বিনম্ৰতা প্ৰকাশ কৰিছোঁ। বছৰৰ পিছত বছৰ ধৰি এই ৰক্তদান অভিযানৰ প্ৰতি সমৰ্পণে কেৱল তেওঁলোকৰ সহানুভূতি প্ৰদৰ্শন কৰাই নহয়, লগতে দেশ-জাতিৰ সেৱাৰ বাবে আমাৰ সামূহিক প্ৰতিশ্ৰুতিকো শক্তিশালী কৰে।”
