ACS বিষয়া নন্দিতা কোঁৱৰক নিলম্বন

133

দুৰ্নীতিগ্ৰস্ত এচিএছ বিষয়া নন্দিতা কোঁৱৰক বৰ্খাস্ত কৰা হল চাকৰিৰ পৰা। ২০১৭ চনত এমপিএলএডিএছৰ কামৰ নামত উৎকোচ বিচাৰি হাতে–লোটে ধৰা পৰা নন্দিতা কোঁৱৰক ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰিছে।

উল্লেখ্য যে, ২০১৭ চনৰ ১৬ মাৰ্চত মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০টকা উৎকোচ লৈছিল জিলা গ্ৰাম্য উন্নয়ন কামৰূপ (মেট্ৰ’)ৰ প্ৰকল্প সঞ্চালক নন্দিতা কোঁৱৰে।

কিন্তু উৎকোচ লোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে এচিএছ বিষয়াগৰাকী। ইয়াৰ পিছত দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক দুৰ্নীতি নিবাৰণ আইন (পিচি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত নন্দিতা কোঁৱৰক দোষী সাব্যস্ত কৰি আদালতে ৪ বছৰ কাৰাবাসৰ লগতে ২ মাহৰ সশ্ৰম কাৰদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে।

প্ৰণিধানযোগ্য যে নন্দিতা কোঁৱৰৰ পিতৃ দেৱানন্দ কোঁৱৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ ২০০১ চনত বিত্তমন্ত্ৰী আছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁক বিহাৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হয়। ২০২০ চনত মৃত্যু ঘটে দেৱানন্দ কোঁৱৰৰ।