গুণ্ডিচা মন্দিৰৰ সন্মুখত অঘটন ৷ মহিলাসহ তিনিজনৰ মৃত্যু ৷আজি (দেওবাৰ) পুৱা প্ৰায় ৪.৩০ বজাত ৰথৰ সন্মুখত ভগৱানক চাবলৈ কৰা হেঁচা ঠেলাত দুগৰাকী মহিলাসহ তিনিজন লোকৰ মৃত্যু হয় । বৰ্তমানলৈকে লাভ কৰা তথ্য মতে, আহতসকলৰ সংখ্যা কমেও ১০ জন । আটাইকেইজনকে চিকিৎসাৰ বাবে পুৰী জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।মন কৰিবলগীয়া যে এইবাৰ ৰথ যাত্ৰাৰ বাবে পুৰীত ১০-১৫ লাখ ভক্তৰ সমাগম হৈছে । ৰথ যাত্ৰাৰ দিনৰে পৰা ৰাইজৰ হেঁচা ঠেলাত ৭০০ৰো অধিক ভক্ত অসুস্থ হৈ পৰিছে । আটাইকেইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
