ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত সংঘটিত পদপিষ্টৰ ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। কৰুণ দুৰ্ঘটনাটোত ৫০ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। শুকুৰবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়।গোৱাৰ শিৰগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো। দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়। তাৰ পিছত দুৰ্ঘটনাটোত আহতসকলক গোৱা চিকিৎসা মহাবিদ্যালয় আৰু মাপুছাৰ উত্তৰ গোৱা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
