এক মৰ্মান্তিক পথ দুৰ্ঘটনা

10

এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এখন মিনি বাছ আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষ।

মাটিহানিৰ পৰা মুণ্ডন অনুষ্ঠানলৈ ৰাওনা হোৱা মিনি বাছখনত আছিল মুঠ ২১ জন লোক। কিন্তু নিথৰ দেহ হৈ উভতি আহিল ৮ জন লোক।

মধ্যপ্ৰদেশৰ সিধিৰ কোতৱালি থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ৰ উপনি গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। নিশা প্ৰায় ২:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষ।