ফেবইণ্ডিয়া লিমিটেডৰ আইপিঅ’ৰ বাবে ডিআৰএইচপি গ্ৰহণ

364

বজাৰ নিয়ন্ত্ৰকৰ সৈতে ডিআৰএইচপি ফাইলত ভাৰতৰ প্ৰথম ইএছজি আইপিঅ’ ফেবইণ্ডিয়া লিমিটেডে আগবঢ়োৱা অফাৰবোৰৰ ভিতৰত আছে মুঠ ৫০০ কোটি টকাৰ নতুন ইছ্যু আৰু বৰ্তমানৰ বিনিয়োগকাৰী/শ্বেয়াৰ ধাৰকসকলৰ দ্বাৰা ২৫,০৫০,৫৪৩ ইকুইটি শ্বেয়াৰ বিক্ৰী কৰাৰ প্ৰস্তাৱ।

ফেবইণ্ডিয়াই ৫০,০০০ ৰো অধিক শিল্পীক ক্ষমতা প্ৰদান কৰিছে; যাৰ প্ৰায় ৬৪% মহিলা, যি তেওঁলোকৰ সম্প্ৰদায়ৰ আনসকলক সৱলীকৰণৰ পথত আগুৱাই নিছে আৰু ৭০% লোকে ঘৰৰ পৰা কাম কৰি আছে। কোম্পানীটোৱে ২,২০০ ৰো অধিক কৃষকৰ সৈতে আৰু ১০,৩০০ ৰো অধিক কৃষকৰ সহযোগীৰ জৰিয়তে বহনক্ষম কৃষি পদ্ধতি সৃষ্টি কৰাৰ বাবে পোনপটীয়াকৈ কাম কৰে; ফেবইণ্ডিয়াই গ্লোবেল অৰ্গেনিক চাৰ্টিফিকেচন প্ৰাপ্ত কৰাত কৃষকসকলক সহায় কৰি এক অ-বিষাক্ত কৃষি সংস্কৃতি সৃষ্টি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ডিআৰএইচপি-ৰ মতে, “ফেবইণ্ডিয়াৰ প্ৰচাৰক বিমলা নন্দা বিচেল আৰু মধুকৰ খেৰাই তেওঁলোকৰ নিজ নিজ ডিমেট একাউণ্ট খুলিছে আৰু ক্ৰমান্বয়ে ৪,০০,০০০ ইকুইটি শ্বেয়াৰ আৰু ৩,৭৫,০৮০ ইকুইটি শ্বেয়াৰ স্থানান্তৰ কৰিছে, যিবোৰ শিল্পী আৰু কৃষকসকলক উপহাৰৰ দ্বাৰা স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।