লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত পশু চিকিৎসা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী জয়ন্তীপুৰৰ অতি দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰ অৰূপ ডেকাই। পৰেশ চন্দ্ৰ ডেকা আৰু ৰুক্মিণী ডেকাৰ সন্তান অৰূপ ডেকাৰ পিতৃয়ে মৈৰাপুৰ মধ্য ইংৰাজী বিদ্যালয়ত সুদীর্ঘকাল বিনা বেতনে চাকৰি কৰি সন্তানক দিছিল উপযুক্ত শৈক্ষিক শিষ্টাচাৰ।
যাৰ বাবে পাঁচ ফেব্ৰুৱাৰীত অৰূপ ডেকাই পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এগৰাকী চিকিৎসক হ’বলৈ সক্ষম হয়। সেয়ে বৃহত্তৰ ৰাণী অঞ্চলৰ সামাজিক অনুষ্ঠান কাঁহাৰপাৰা ‘বিষ্ণু-জ্যোতি’ সংঘই অৰূপ ডেকাক মানপত্ৰ, গামোচা, শৰাই, জাপি আৰু ফুলৰ থোপাৰে নিজ বাসগৃহত গৈ সম্বর্ধনা জনায়।
‘বিষ্ণু-জ্যোতি’ সংঘৰ সভাপতি পৰাগজ্যোতি দাস, সম্পাদক ধর্মেন্দ্র দাস, উপ-সভাপতি ৰজনী দাস, সক্রিয় সদস্য ক্রমে ৰিতেন দাস আৰু ধনঞ্জয় দাসে সম্বৰ্ধনা জনায়।