গ্ৰেপ্তাৰ হ’ল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ বৰুৱা।দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ ঘৰৰ পৰা বৰুৱাক আটক কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ১০টাকৈ ধাৰাত গোচৰ ৰুজু কৰি সোমবাৰে গ্ৰেপ্তাৰ কৰে তেওঁক।এটা পেট্ৰ’ল পাম্প বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে। দুলীয়াজানৰ মাজমজিয়াত থকা এই পেট্ৰ’ল পাম্পটোক কেন্দ্ৰ কৰিয়ে শনিবাৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
