কংগ্ৰেছৰ পিছত এইবাৰ অসমত খহনীয়া আৰম্ভ হৈছে নৱ গঠিত ৰাজনৈতিক দল ৰাইজৰ দলত। দলটোৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগদান কৰে।
জানিব পৰা মতে, সদ্যপদত্যগী ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ নেতৃত্বত ডজনৰো অধিক নেতা-কৰ্মীয়ে সোমবাৰে যোগ দিয়ে আম আদমী পাৰ্টীত। দলটোৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান অনুষ্ঠানত আম আদমী পাৰ্টীত যোগ দিয়ে অসমৰ নেতা-কৰ্মীসকলে।
বাতৰি অনুসৰি, সোমবাৰে আপত যোগদান কৰা ৰাইজৰ দলৰ নেতাসকলৰ ভিতৰত আছে দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকা, উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, সম্পাদক দীপাংকৰ কলিতা।
তদুপৰি ৰাইজৰ দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিনয় ডেকাইও আজি আম আদমী পাৰ্টীত যোগ দিব বুলি জানিব পৰা গৈছে।
নেতা কেইজনে আপৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিছত সন্ধিয়া ৭ বজাত সাক্ষাৎ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।
উল্লেখ্য যে, সদ্য সমাপ্ত পৌৰ নিগমৰ নিৰ্বাচনত এখন আসন জিকি ইতিমধ্যে অসমত ভেটি স্থাপন কৰিছে আম আদমী পাৰ্টীয়ে। আনহাতে দিল্লীৰ পিছত দলটোৱে পঞ্জাৱতো বৃহৎ জয় লাভ কৰাৰ পিছত এতিয়া ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ সাজু হৈছে।
