AAP নেতা সতেন্দ্ৰ জৈনৰ তিহাৰ জে’লৰ ভাইৰেল ভিডিঅ’ক লৈ জে’ল কৰ্তৃপক্ষক জাননী জাৰি আদালতৰ…

207

দিল্লীৰ তিহাৰ জেলৰ পৰা কেবিনেট মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ভাইৰেল হোৱাৰ ভিডিঅ’ সন্দৰ্ভত আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক জাননী জাৰি কৰিছে। আনহাতে দিল্লীৰ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ বিধায়ক সত্যেন্দ্ৰ জৈনে আদালতত দাবী জনাইছে যে মিডিয়া চেনেলত চলি থকা চিচিটিভি ফুটেজৰ সম্প্ৰচাৰ বন্ধ কৰিব লাগে। বুধবাৰে বিচাৰ আদালতত সত্যেন্দ্ৰ জৈনৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। বৃহস্পতিবাৰে পুনৰ আদালতত শুনানি গ্ৰহণ কৰা হ’ব বিষয়টোৰ।

উল্লেখ্য যে, তিহাৰ জেলৰ চিচিটিভি ফুটেজ ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ভিডিঅ’টোত সত্যেন্দ্ৰ জৈনে বিচনাত পৰি থকা অৱস্থাত এখন নথি পঢ়ি থকা দেখা গৈছে। একে সময়তে এজন ব্যক্তিয়ে ভৰিৰ মালিচ কৰা দেখা যায়। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত বিজেপি আৰু কংগ্ৰেছে আম আদমী পাৰ্টিৰ ওপৰত আক্ৰমণ চলায়। যদিও আম আদমী পাৰ্টিয়ে নিজৰ নেতাক তীব্ৰ পক্ষত ৰাখিছে। আম আদমী পাৰ্টিয়ে কয় যে ফিজিঅ’থেৰাপিষ্টৰ নিৰ্দেশত মালিচ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, যোৱা ৩০ মে’ত ধন সৰবৰাহৰ অভিযোগত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ইডিয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন, ২০২২ৰ অধীনত সত্যেন্দ্ৰ জৈনৰ পৰিয়াল আৰু কোম্পানীসমূহৰ ৪.৮১ কোটি টকাৰ স্থাৱৰ সম্পত্তি সংলগ্ন কৰিছিল। জৈনে দিল্লীত কেইবাটাও শ্বেল কোম্পানী সৃষ্টি কৰি কলকাতাস্থিত তিনিটা হাৱালা অপাৰেটৰৰ ৫৪টা শ্বেল কোম্পানীৰ জৰিয়তে ১৬.৩৯ কোটি টকাৰ ক’লা ধন বগা ধনলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

তেতিয়াৰ পৰাই সত্যেন্দ্ৰ জৈন তিহাৰ কাৰাগাৰত আবদ্ধ হৈ আছে। তাৎপৰ্যপূৰ্ণভাৱে কেইবামাহো ধৰি কাৰাগাৰত বন্দী হৈ থকা সত্যেন্দ্ৰ জৈনক বিশেষ সুবিধা পোৱাৰ অভিযোগ ধাৰাবাহিকভাৱে চলি আহিছে। ইডিয়েও এই বিষয় সন্দৰ্ভত আদালতত অভিযোগ দিছিল। ইডিয়ে কৈছিল দিল্লীৰ মন্ত্ৰী সত্যেন্দৰ জৈনে জেলৰ নিয়ম উলংঘা কৰিছে।