আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ আগন্তুক পাঠদানৰ বাবে এডুকেচনেল জলপানিৰ কথা ঘোষণা

596

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ প্ৰতিষ্ঠান আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডে(এইএছএল) ২০২৪ৰ এপ্ৰিল মাহত আৰম্ভ হ’বলগীয়া নতুন পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে কেইবাটাও আকৰ্ষণীয় বৃত্তি ঘোষণা কৰিছে যাতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডে তৎক্ষণাত নামভৰ্তি আৰু বৃত্তি পৰীক্ষা(আইএচিএছটি)ৰ জৰিয়তে মেডিকেল, ইঞ্জিনিয়াৰিং আৰু ফাউণ্ডেচন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৯০% জলপানি আগবঢ়াইছে। ইয়াৰ জৰিয়তে শ্বহীদ, প্ৰতিৰক্ষা কৰ্মী আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাইৰ প্ৰদান কৰিছে। এই পদক্ষেপে ২০১৪ চনৰ পৰা এইপৰ্যন্ত ৭৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে।


দেশৰ বীৰ শ্বহীদৰ সন্তানক ১০০% পৰ্যন্ত টিউচন মাচুল ৰেহাই প্ৰদান কৰিব। ইয়াৰ লগতে প্ৰতিৰক্ষা কৰ্মী আৰু সন্ত্ৰাসবাদৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ শিক্ষাৰ্থীক আইএচিএছটি স্ক’ৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত ১০% ৰেহাই প্ৰদান কৰি এইএছএলে নিজৰ সামাজিক দায়িত্বৰ প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপৰ বিষয়ে আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ মুখ্য ব্যৱসায়িক বিষয়া অনুপ আগৰৱালে কয় যে, “আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকলৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত সহায় কৰাৰ আমাৰ পৰম্পৰা অব্যাহত ৰাখি আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা আৰু সৰ্বাংগীনতাক প্ৰদান কৰি শিক্ষাৰ্থীক লাভান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”


আকাশ এডুকেচন চাৰ্ভিচেছে তৎক্ষণাত নামভৰ্তি আৰু বৃত্তি পৰীক্ষা (আইএচিএছটি)ই শিক্ষাৰ্থীসকলক তাৎক্ষণিক বৃত্তি আৰু নামভৰ্তিৰ সুযোগ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলে আকাশৰ অধ্যাপকৰ নিৰ্দেশনাত বৃত্তিৰ সবিশেষ অৱগত হোৱাৰ পিছত অনলাইনযোগে ৬০ মিনিটৰ পৰীক্ষা দিব পাৰিব। নিৰ্দিষ্ট পৰীক্ষাৰ দিনটোত পুৱা ১০ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।