আইআইএছইআৰ এপ্টিটিউড টেষ্ট ২০২২ৰ সৰ্বভাৰতীয় ৰেংকিংৰ শীৰ্ষত আকাশ বাইজুছৰ সুভ্ৰোদীপ বন্দোপাধ্যায় 

444

কলকাতাৰ আকাশ বাইজুছৰ (Aakash BYJU’S) ছাত্ৰ সুভ্ৰোদীপ বন্দোপাধ্যায়ে আইআইএছইআৰ এপ্টিটিউড টেষ্ট (IISER Aptitude Test) ২০২২ত সৰ্বভাৰতীয় ৰেংকিংৰ শীৰ্ষ দখল কৰি তেওঁৰ পিতৃ-মাতৃৰ লগতে শিক্ষা প্ৰতিষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (আইআইএছইআৰ)ৰ দ্বাৰা ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সুভ্ৰোদীপ বন্দোপাধ্যায়ে ২০২০ চনত আকাশ বাইজুছ-ত দুবছৰীয়া শ্ৰেণীকোঠা প্ৰগ্ৰামত নামভৰ্তি কৰিছিল।

 তেওঁ এই সফলতা সন্দৰ্ভত কয় “মই কৃতজ্ঞ যে আকাশ বাইজুছে মোক ইয়াৰ বাবে যথেষ্ট সহায় কৰে।  প্ৰতিষ্ঠানটোৰ পৰা লাভ কৰা বিষয়বস্তু আৰু প্ৰশিক্ষণৰ বাবে মই কম সময়ৰ ভিতৰতে বিভিন্ন বিষয়ত বহুতো ধাৰণা বুজি পাইছিলোঁ। তেওঁলোকৰ সহায়ৰ অবিহনে ই সম্ভৱপৰ নাছিল।” ৩ জুলাই, ২০২২ তাৰিখে আইআইএছইআৰ কেন্দ্ৰত ৫ বছৰীয়া বি.এছ.-এম.এছ. প্ৰগ্ৰাম আৰু ৪ বছৰীয়া অভিযান্ত্ৰিক আৰু অৰ্থনৈতিক বিজ্ঞান বি.এছ. প্ৰগ্ৰামৰ বাবে আইআইএছইআৰ এপ্টিটিউড টেষ্ট ২০২২ অনুষ্ঠিত হৈছিল।

আইআইএছইআৰ এপ্টিটিউড টেষ্টটো সমগ্ৰ দেশৰ সাতখন পৃথক চহৰৰ চৌহদত নামভৰ্তি নিৰ্ধাৰণ কৰিবলৈ অনুষ্ঠিত হয়। সুভ্ৰোদীপক অভিনন্দন জনাই আকাশ বাইজুছৰ পৰিচালনা সঞ্চালক শ্ৰী আকাশ চৌধুৰীয়ে কয়, ” সুভ্ৰোদীপক তেওঁৰ দৃষ্টান্তমূলক কৃতিত্বৰ বাবে আমি অভিনন্দন জনাইছো। এজন শীৰ্ষ স্থানপ্ৰাপ্ত ব্যক্তি হিচাপে তেওঁৰ কৃতিত্বই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা কয়। আমি তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভকামনা জনাইছো।”