নিজৰ আচল পৰিচয় গোপন কৰি হিন্দু ধৰ্মৰ এগৰাকী মহিলাক প্ৰৱঞ্চনাৰে বিবাহ কৰাই ধৰ্মান্তৰকৰণৰ চেষ্টা চলাইছে এজন মুছলমান যুৱকে। শ্ৰীভূমিত ৰাজু দেৱ ওৰফে আব্দুল হকৰ বিৰুদ্ধে উত্থাপন হোৱা এই গুৰুতৰ অভিযোগে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। ‘লাভ জেহাদ’ৰ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে নীলমবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাই।
গোলাঘাটৰ নোৱাজানৰ নিবাসী মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পাছত কৰ্মসূত্ৰে চেন্নাইত থকা সময়তে জালালনগৰৰ আব্দুল হকৰ সংস্পৰ্শলৈ আহিছিল। আব্দুলে নিজকে হিন্দু বুলি পৰিচয় দি মন্দিৰত মহিলাগৰাকীক বিবাহ কৰাইছিল যদিও আচলতে তেওঁ ধৰ্মান্তৰকৰণৰ এক পৰিকল্পনাহে কৰিছিল। বিয়াৰ পাছৰে পৰা তেওঁ মহিলাগৰাকীক হিন্দু ধৰ্মীয় ৰীতি-নীতি পালনত বাধা দি চৰম নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।
এজাহাৰত অভিযোগ কৰা অনুসৰি, আব্দুল হকে মহিলাগৰাকীক বলপূৰ্বক গো-মাংস ভক্ষণৰ বাবে হেঁচা দিছিল আৰু সেই দৃশ্য ভিডিঅ’ কৰি তেওঁক ব্লেকমেইল কৰাৰ চেষ্টা চলাইছিল। ধৰ্মীয় আৱেগত আঘাত দিয়াৰ লগতে নিৰন্তৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত মহিলাগৰাকী শ্ৰীভূমিত উপস্থিত হৈ আৰক্ষীৰ দ্বাৰস্থ হয়।
ইতিমধ্যে নীলমবজাৰ আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। পৰিচয় গোপন কৰি কৰা প্ৰৱঞ্চনা আৰু ধৰ্মান্তৰকৰণৰ এই ভয়ংকৰ ঘটনাটো আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে। অভিযুক্ত আব্দুল হকক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে।
