আজিৰ স্বাৰ্থপৰ যুগতো সততা যে জীয়াই আছে, তাৰেই এক জ্বলন্ত নিদৰ্শন দাঙি ধৰি এজন ভঙা-চিঙা সামগ্ৰীৰ ব্যৱসায়ীয়ে ১৫ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ ইয়াৰ প্ৰকৃত গৰাকীক ওভতাই দিয়ে। হাৰিয়ানাৰ ফৰিদাবাদৰ বাসিন্দা অশোক শৰ্মা নামৰ ব্যক্তিজনে দীপাৱলীৰ চাফ-চিকুণৰ সময়ত ভুলবশতঃ এই গধুৰ অলংকাৰখিনি জাবৰৰ সৈতে বিক্ৰী কৰি দিছিল। বৃহস্পতিবাৰে বাল্লভগড়ৰ এচিপি জিতেশ মালহোত্ৰাৰ কাৰ্যালয়ত হাজি আখতাৰ খান নামৰ সততাৰ পৰিচয় দিয়া ব্যৱসায়ীজনে আনুষ্ঠানিকভাৱে ১০০ গ্ৰামৰ অলংকাৰখিনি শৰ্মাৰ হাতত অৰ্পণ কৰে।
অশোক শৰ্মাই জনোৱা অনুসৰি, যোৱা বছৰৰ জানুৱাৰী মাহত কুম্ভ মেলালৈ যোৱাৰ সময়ত চুৰিৰ ভয়ত তেওঁলোকে সোণৰ বাকচটো এটা বস্তাৰ ভিতৰত লুকুৱাই থৈছিল। কিন্তু দীপাৱলীৰ সময়ত ঘৰ চাফা কৰোঁতে পৰিয়ালৰ কোনো সদস্যই সেই বস্তাটোৰ ভিতৰত সোণ আছে বুলি ধৰিব নোৱাৰি ভঙা-চিঙা সামগ্ৰীৰ সৈতে বিক্ৰী কৰি দিয়ে। অলংকাৰ হেৰুওৱাৰ কথা গম পাই তেওঁলোকে ব্যৱসায়ীজনৰ ওচৰলৈ গৈছিল যদিও সেই সময়ত অলংকাৰখিনি বিচাৰি পোৱা নগ’ল।
প্ৰায় চাৰি মাহ পাছত হাজি আখতাৰ খানে, যিজন স্থানীয়ভাৱে ‘খান চাহাব’ নামেৰে পৰিচিত, ভঙা-চিঙা সামগ্ৰীবোৰ পৃথকে পৃথকে ভাগ কৰি থকাৰ সময়ত কাগজত মেৰিয়াই থোৱা অৱস্থাত সোণখিনি বিচাৰি পায়। অলংকাৰৰ সত্যতা পৰীক্ষা কৰাৰ পাছত তেওঁ লগে লগে আৰক্ষীক খবৰ দিয়ে। খানে সংবাদ মাধ্যমক কয়, “যিহেতু অশোক শৰ্মাই আগতেই মোক হেৰুওৱা অলংকাৰৰ কথা কৈছিল, গতিকে সেয়া ওভতাই দিয়াটো মোৰ দায়িত্ব আছিল। মোৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মোৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে।”
এচিপি জিতেশ মালহোত্ৰাই হাজি আখতাৰ খানৰ এই মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে এই ঘটনাই সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে লগতে সাধাৰণ ৰাইজক নিজৰ মূল্যৱান সামগ্ৰীসমূহ ৰখাৰ ক্ষেত্ৰত অধিক সাৱধান হ’বলৈও আহ্বান জনায়। এনেদৰে ১৫ লাখ টকাৰ সোণ ওভতাই দি খানে আজি সকলোৰে বাবে এক আদৰ্শ হৈ পৰিছে।
