মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ ওপৰত উচ্চতম ন্যায়ালয়ে দিয়া মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কয় যে ৰাহুল গান্ধীৰ বক্তব্য ‘ভুল ব্যাখ্যা’ কৰা হৈছে। প্ৰিয়ংকা গান্ধীয়ে কয় যে মই সন্মানেৰে ক’ব বিচাৰো যে ন্যায়াধীশসকলে কোন প্ৰকৃত ভাৰতীয় সেইটো সিদ্ধান্ত ল’ব নালাগে।
এয়া বিৰোধীৰ নেতাৰ কাম, চৰকাৰক প্ৰশ্ন কৰাটো তেওঁৰ কৰ্তব্য। ৰাহুল গান্ধীৰ পক্ষত থিয় দি তেওঁ কয় মোৰ ভাতৃয়ে কেতিয়াও ভাৰতীয় সেনাৰ বিৰুদ্ধে একো নকয়। তেওঁ সেনাবাহিনীক আটাইতকৈ বেছি সন্মান কৰে। ২০২২ চনত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে সেনাবাহিনী আৰু ‘চীনে ভাৰতীয় ভূমি দখল’ সন্দৰ্ভত এক বক্তব্য আগবঢ়াইছিল।
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দিপাংকৰ দত্তই এই গোচৰত প্ৰশ্ন কৰিছিল-আপুনি কেনেকৈ গম পালে যে চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি দখল কৰিছে? আপুনি তাত উপস্থিত আছিল নেকি? আপোনাৰ হাতত কিবা নিৰ্ভৰযোগ্য তথ্য আছেনে? যদি আপুনি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে আপুনি এই কথা নকয়।
