শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ আশাৰ মাজতে পুনৰবাৰ বিস্ফোৰণৰ শব্দই কঁপাই তুলিছে মণিপুৰৰ বুকু। সোমবাৰে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত সংঘটিত তিনিটাকৈ শক্তিশালী বিস্ফোৰণত এগৰাকী মহিলাসহ অন্ততঃ দুজন লোক গুৰুতৰভাৱে আহত হয়। ইম্ফলৰ আৰক্ষী সূত্ৰই জনোৱা মতে, ফৌগাকচাও থানাৰ অন্তৰ্গত নগৌকণ গাঁৱৰ এটা পৰিত্যক্ত ঘৰত দুষ্কৃতিকাৰীয়ে দেশীয় পদ্ধতিৰে নিৰ্মিত আইইডি ব্যৱহাৰ কৰি এই বিস্ফোৰণ ঘটায়। উল্লেখযোগ্য যে, ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা জনগোষ্ঠীয় হিংসাৰ বাবে উক্ত ঘৰটোৰ বাসিন্দাসকল বৰ্তমান এটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।
বিস্ফোৰণৰ এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। নিৰাপত্তাৰক্ষীয়ে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি স্থানীয় একাংশ উত্তেজিত ৰাইজে ওচৰতে থকা এটা অস্থায়ী নিৰাপত্তা বাংকাৰ ধ্বংস কৰে। আহত দুই ব্যক্তিক ক্ৰমে ছানাতোম্বা সিং আৰু ইন্দুবালা দেৱী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।
আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে ইতিমধ্যে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছে। কি পৰিস্থিতিত আৰু কোনে এই কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিলে, সেই সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে। এই বিস্ফোৰণৰ ঘটনাই ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে।
