অসমৰ আকাশীপথৰ পৰিসৰ বৃদ্ধি তথা পৰ্যটন খণ্ডক গতিশীল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক অভিলাষী আঁচনি। ৰাজ্যৰ ৫ টাকৈ গুৰুত্বপূৰ্ণ স্থানত গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰাক-সম্ভাৱনীয়তা অধ্যয়নৰ বাবে শুকুৰবাৰে সন্ধিয়া অসম চৰকাৰে ভাৰতীয় বিমান প্ৰাধিকৰণৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পৰিবহণ আয়ুক্ত তথা সচিব আকাশদীপ আৰু বিমান প্ৰাধিকৰণৰ অধ্যক্ষ বিপিন কুমাৰে এই চুক্তিত স্বাক্ষৰ কৰে।
প্ৰস্তাৱিত এই বিমানবন্দৰসমূহ মানস ৰাষ্ট্ৰীয় উদ্যান, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে বিমান প্ৰাধিকৰণক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
হিমন্ত বিশ্ব শৰ্মাই কয়, “মানসত নিৰ্মাণ হ’বলগীয়া গ্ৰীনফিল্ড বিমানবন্দৰটোৱে কেৱল কৌশলগত আৰু নিৰাপত্তাৰ দিশটোৱেই নহয়, বৰঞ্চ অঞ্চলটোৰ বন্যপ্ৰাণী পৰ্যটনকো যথেষ্ট উৎসাহিত কৰিব।”
তেওঁ লগতে কয়, “মাজুলী, উমৰাংছ’, ডিফু আৰু চৰাইদেউৰ দৰে স্থানত এই বিমানসেৱাই আঞ্চলিক যোগাযোগ বৃদ্ধি কৰাৰ লগতে স্থানীয় অৰ্থনীতিৰ বিকাশত অৰিহণা যোগাব।”
মুখ্যমন্ত্ৰীয়ে এই উন্নয়নমূলক প্ৰকল্পসমূহে অসমক দেশৰ বাবে এক আৰ্হি হিচাপে গঢ়ি তুলিব বুলিও আশাপ্ৰকাশ কৰে। অনুষ্ঠানত তেওঁ শিলিগুৰি কৰিডৰৰ কৌশলগত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰূপসী বিমানবন্দৰক এটা পূৰ্ণাংগ বিমানবন্দৰলৈ উন্নীত কৰিবলৈ বিমান প্ৰাধিকৰণক অনুৰোধ জনায়।
ইয়াৰ উপৰিও গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ বৃদ্ধিৰ বাবেও তেওঁ গুৰুত্ব আৰোপ কৰে। এই গ্ৰীনফিল্ড বিমানবন্দৰসমূহে অসমক দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাবে এক মুখ্য দুৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
